NORTHEAST NOW (Assamese)
Popular Stories

বিধানসভাৰ অধ্যক্ষলৈ চেণ্ডেল দলিয়ালে বিজেপি বিধায়কে, ক’ত?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 3, 2021 6:24 pm

উৰিষ্যাৰ বিধানসভাত শনিবাৰে সৃষ্টি হৈছে এটা অপ্ৰীতিকৰ পৰিস্থিতি।

অভিযোগমতে, বিধানসভাৰ অধ্যক্ষৰ মঞ্চলৈ উদ্দেশ্য কৰি বিৰোধী বিজেপি বিধায়কসকলে চেণ্ডেল, ইয়াৰফোন আৰু কাগজ নিক্ষেপ কৰে।

বিধানসভাত ‘উৰিষ্যা লোকায়ুক্ত (সংশোধনী) বিধেয়ক’ নামৰ বিধেয়কখন গৃহিত হোৱাৰ পাছতে এই পৰিস্থিতিৰ সৃষ্টি হয়।

বিধেয়কখন বিধানসভাত কোনোধৰণৰ আলোচনা নকৰাকৈ ততালিকে গৃহিত কৰা হয়।

ইয়াৰ পূৰ্বে কংগ্ৰেছে অধ্যক্ষলৈ এখন জাননি প্ৰেৰণ কৰিছিল যে ৰাজ্যখনৰ খনিজ উদ্যোগৰ ক্ষেত্ৰত সংঘটিত হৈ থকা দুৰ্নীতি সম্পৰ্কে বিধানসভাত আলোচনা হ’ব লাগে।

কিন্তু অধ্যক্ষ এছ এন পাত্ৰই ইয়াক খাৰিজ কৰে।

ইয়াৰ পাছতে জে এন মিশ্ৰ আৰু বি চি শেথি নামৰ দুজন বিজেপি বিধায়কে নিজৰ আসনৰ পৰা ঠিয় হৈ প্ৰতিবাদস্বৰূপে অধ্যক্ষৰ মঞ্চলৈ কাগজ, ইয়াৰফোন, ডাষ্টবিন, কলম, চেণ্ডেল দলিয়াব ধৰে।

বি চি শেথিয়ে অধ্যক্ষৰ মঞ্চলৈ চেণ্ডেল দলিওৱাৰ অভিযোগ নাকচ কৰাৰ বিপৰীতে জে এন মিশ্ৰই কয় যে অধ্যক্ষক এইধৰণৰ আচৰণৰ বাবেই যোগ্য।

”তেওঁ গণতান্ত্ৰিক আচৰণমতে কাম কৰা নাই।”- বিজেপি বিধায়কজনে এইদৰে কয়।

চৰকাৰী পক্ষৰ পৰা কয় যে কেৱল  সংবাদ শিৰোনামাত চৰ্চিত হৈ থাকিবলৈকে বিজেপি বিধায়কসকলে এই পৰিস্থিতিৰ সৃষ্টি কৰিছে।

আনহাতে, কংগ্ৰেছ নেতা নৰসিংঘ মিশ্ৰই ‘দুৰ্ভাগ্যজনক’ ঘটনাটোক গৰিহণা জনাইছে।

ঘটনাটোৰ পাছতে বিধানসভা স্থগিত ৰখা হয়।