NORTHEAST NOW (Assamese)
অসম

একেৰাহে ১২৬ ঘণ্টা নৃত্য কৰি নেপালৰ কিশোৰীৰ বিশ্ব অভিলেখ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 7, 2019 1:43 pm
Bandana-750x375

নেপালৰ নৃত্য চাঞ্চল্য বন্দনা নেপালে একেৰাহে ১২৬ ঘণ্টা নৃত্য কৰি ‘ব্যক্তিগত দীৰ্ঘতম নৃত্যৰ মাৰাথন’ শাখাত গ্ৰিনিজ ৱৰ্ল্ড ৰেকৰ্ড গঢ়িবলৈ সক্ষম হয়।

নেপালৰ ওঠৰ বছৰীয়া কিশোৰীগৰাকীক এই অভিলেখৰ বাবে নেপালৰ প্ৰধান মন্ত্ৰী কে পি শৰ্মা ওলিয়ে শনিবাৰে বিশেষ ভাবে সম্বৰ্ধনা জ্ঞাপন কৰে।

সূত্ৰৰ পৰা লাভ কৰা তথ্য মতে বন্দনাই গ্ৰিনিজ ৰেকৰ্ডৰ বিষয়ে বিভাগটোৰ পৰা শুকুৰবাৰে আনুষ্ঠানিক সেউজ সংকেত লাভ কৰে বুলি উল্লেখ কৰে।

নেপালৰ কিশোৰী গৰাকীয়ে ২০১৮ চনৰ নৱেম্বৰ মাহৰ ২৩ তাৰিখে কাঠমাণ্ডুত বিগ ফুডলেণ্ড ৰেষ্টুৰেণ্টৰ সভাগৃহত নেপালী সংগীতৰ তালে তালে একেৰাহে ১২৬ ঘণ্টাৰ বাবে একক নৃত্য কৰি এই অভিলেখৰ অধিকাৰী হয়।

আনহাতে, নেপালৰ ধানকূটা জিলাৰ বাসিন্দা বন্দনাৰ ‘বন্দনা নেপাল’ নামৰ নিজাকৈ এটা স্বেচ্ছাসেৱী সংগঠনো আছে। এই সংগঠনটোৱে নেপালী মহিলা সকলৰ উন্নতিৰ বাবে কাম কৰি আহিছে।

উল্লেখযোগ্য যে, বন্দনাই নতুন গ্ৰিনিজ বিশ্ব ৰেকৰ্ড গঢ়াৰ সময়ত ভংগ কৰে ভাৰতৰ কেৰেলাৰ কলমান্দালাম হেমালতাই ২০১১ চনত একক নৃত্যত গঢ়া অভিলেখ।

কেৰেলাৰ নৃত্যৰ ৰাণী হিচাপে পৰিচিত হেমালতাই একেৰাহে ১২৩ ঘণ্টাৰ বাবে মোহিনী নৃত্যম নাচি অভিলেখ গঢ়িছিল।