NORTHEAST NOW (Assamese)
অসম

আমেৰিকা যুক্তৰাষ্ট্ৰৰ মিচিগানত ৰঙালী বিহুৰ সোণালী জয়ন্তী উদযাপন

Posted by: স্মিতা ভট্টাচাৰ্য Updated by: স্মিতা ভট্টাচাৰ্য May 7, 2019 3:41 pm
bilati-bihu-1140x570

আমেৰিকাৰ দহখন প্ৰদেশত বাস কৰি থকা দুশতকৈয়ো অধিক অসমীয়া লোকে অলপতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ মিচিগানৰ চাউথফিল্ডত ৰঙালী বিহুৰ সোণালী জয়ন্তী উদযাপন কৰে।

এক সূত্ৰই জানিবলৈ দিয়ে যে মিচিগানৰ আছাম এছোচিয়েশ্যনে বছৰি ৰঙালী বিহুৰ আয়োজন কৰে।

‘’মিচিগানৰ ডেট্ৰইটৰ ওৱেইন য়ুনিভাৰ্ছিটিত পিএইচডি কৰি থকা এগৰাকী ছাত্ৰ দেবজিৎ বৰুৱাই ১৯৬৯ চনত ৰঙালী বিহু উদযাপন আৰম্ভ কৰিছিল য’ত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডাৰ কেইগৰাকীমান তেওঁৰ বন্ধুৱে অংশগ্ৰহণ কৰিছিল,’’-সূত্ৰটোৱে কয়।

তেওঁ লগতে কয় যে মিচিগানৰ আছাম এছোচিয়েশ্যনে ভূপেন হাজৰিকাৰ ‘মানুহে মানুহৰ বাবে’ গীতটো তেওঁলোকৰ জাতীয় সংগীত হিচাপে গ্ৰহণ কৰিছিল আৰু লগতে ‘অ’ মোৰ আপোনাৰ দেশ’ গীতটোও গাইছিল। এছোচিয়েশ্যনৰ মহিলাসকলেও সমবেত সংগীত হিচাপে ‘শ্ৰীময়ী অসমীৰ’ গানটো গাইছিল।

bilati-bihu-1-768x506
ফটো : নৰ্থইষ্ট নাও

সূত্ৰটোৱে কয় যে এই উৎসৱটো গুৰু বাণী ৰাওৰ তত্ত্বাৱধানত শিশুসকলে পৰিৱেশন কৰা বিহুৰে আৰম্ভ হৈছিল আৰু তাৰ প্ৰথম আৰু দ্বিতীয় প্ৰজন্মৰ অসমীয়াসকলে পৰিৱেশন কৰা বিহুগীত, বৰগীত, ৰাভা সংগীতৰ সুৰৰ মূৰ্চ্ছনাই গোটেই পৰিৱেশটো ৰজনজনাই তুলিছিল।

সন্ধিয়াটোৰ শেষৰফালে কানাডাৰ এগৰাকী যুৱ তথা প্ৰতিভাশালী কণ্ঠশিল্পী শিৱানী পেটেলে দৰ্শকসকলক মন্ত্ৰমুগ্ধ কৰি তোলে।

সূত্ৰটোৱে লগতে জানিবলৈ দিয়ে যে ব’হাগ বিহুৰ সময়ত পৰম্পৰাগতভাৱে প্ৰস্তুত কৰা পিঠাপনাৰ লগতে আটকধুনীয়াকৈ সজোৱা মণ্ডপে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে।