NORTHEAST NOW (Assamese)
অসম

‘দ্য উইক’ আলোচনীত পৰেশ বৰুৱাৰ সাক্ষাৎকাৰ : কাল্পনিক বুলি ক’লে আলফা স্বাধীনে

Posted by: এন ই নাও নিউজ November 26, 2018 12:37 pm
Paresh-Baruah-1-750x375

দেশৰ এখন আগশাৰীৰ আলোচনী ‘দ্য উইক’ৰ ‘২ ডিচেম্বৰ ২০১৮’ সংখ্যাত আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ এটা আছুতীয়া সাক্ষাৎকাৰ প্ৰকাশ পাইছিল। উক্ত সাক্ষাৎকাৰটোত সেনাধ্যক্ষ পৰেশ বৰুৱাই চীনৰ সৈতে অতি আন্তৰিকতাপূৰ্ণ সম্পৰ্ক বজাই ৰখাৰ কথা প্ৰকাশ পাইছিল।

WEEK
সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা আলফাৰ পত্ৰখন।

আলফা স্বাধীনে আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক পত্ৰযোগে উক্ত সাক্ষাৎকাৰটো এক কাল্পনিক সাক্ষাৎ বুলি আভিহিত কৰিছে। আলফা স্বাধীনৰ প্ৰচাৰ বিভাগৰ সদস্য ৰুমেল অসম স্বাক্ষৰিত পত্রখনত কোৱা হৈছে যে আলোচনীখনৰ ‘প্ৰচ্ছদ নিৱন্ধ’ত জনৈক ৰবি বেনাৰ্জীয়ে মিথ্যাচাৰৰ আশ্ৰয় লৈ মেজৰ জেনেৰেল পৰেশ অসমৰ এক কাল্পনিক সাক্ষাৎকাৰ প্ৰকাশ কৰিছে।

পত্ৰখনত স্পষ্ট কৰি দিয়া হৈছে যে পৰেশ অসমে ‘দ্য উইক’ আলোচনীখনৰ কোনো সাংবাদিকৰ লগত কাহানিও কোনো ধৰণৰ বাৰ্তালাপ কৰা নাই আৰু ৰবি বেনাৰ্জীৰ দ্বাৰা পৰিৱেশিত বাতৰি সম্পূৰ্ণ ভুৱা।

উল্লেখযোগ্য যে আলোচনীখনৰ উক্ত সাক্ষাৎকাৰটোত পৰেশ বৰুৱাৰ চীনৰ লগত থকা সম্পৰ্কৰ এটা ধাৰণা বিভিন্ন দিশৰ উপস্থাপনেৰ স্পষ্ট কৰিব বিচৰা হৈছিল।

আলফা স্বাধীনৰ পত্ৰখনত  এই সকলোবোৰ নস্যাৎ কৰি ইয়াক এটা কল্পনা প্ৰসূত আৰু ভুৱা সাক্ষাৎকাৰ বুলি অভিহিত কৰা হৈছে।