NORTHEAST NOW (Assamese)
অসম

নামনি অসমত বদৰুদ্দিন আজমল সাংসদ হোৱাটো দুৰ্ভাগ্যজনক : ৰঞ্জিৎ দাস

Posted by: এন ই নাও নিউজ November 26, 2018 1:33 pm
Ranjit-Das

আগন্তুক পঞ্চায়ত নিৰ্বাচনত ৰাজ্যৰ অধিকাংশ পঞ্চায়ত তথা জিলা পৰিষদ বিজেপিয়ে দখল কৰিব। এতিয়াও যি সকল যুৱক-যুৱতীয়ে কংগ্ৰেছ কৰি আছে তেওঁলোক অতি শীঘ্ৰে কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰক। এই মন্তব্য বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিৎ কুমাৰ দাসৰ।

বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জি দাসে নিজৰ গৃহ সমষ্টি সৰভোগৰ মেদা গাঁও পঞ্চায়তৰ অন্তৰ্গত পূব কলিতাপাৰাত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ এই মন্তব্য কৰে। কংগ্ৰেছক আক্ৰমণৰ প্ৰধান লক্ষ্য হিচাপে লৈ কয় যে নামনি অসমৰ পৰা এসময়ত কংগ্ৰেছৰ হৈ শৰৎ সিংহৰ দৰে নেতা মুখ্য মন্ত্ৰী হৈছিল। কিন্তু এতিয়া নামনি অসমৰ পৰা কংগ্ৰেছৰ হৈ বাংলাদেশী মূলৰহে মানুহ মন্ত্ৰী-বিধায়ক হয়।

ইয়াৰ উপৰি কংগ্ৰেছ দলে বৰপেটা জিলাত প্ৰায় সংখ্যক জিলা পৰিষদতে বাংলাদেশী মূলৰ লোকক টিকট প্ৰদান কৰা বুলিও বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে গুৰুতৰ অভিযোগ উত্থাপন কৰে। তেওঁ লগতে কয় যে কংগ্ৰেছ দলে অসমৰ ৰাইজৰ অধিকাৰ কাঢ়ি নিছে। সেয়ে পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছক উচিত প্ৰত্যুত্তৰ দি বিজেপি দলৰ প্ৰাৰ্থীসকলক জয়ী কৰিবলৈ আহ্বান জনায়।

ইফালে এ আই য়ু ডি এফকো চোকা বাক্য বাণেৰে সমালোচনা কৰে ৰঞ্জিৎ দাসে। ‘কোঁচ ৰজা নৰনাৰায়ণ, ৰঘুদেৱ ৰায়ে ৰাজত্ব কৰা নামনি অসমত বদৰুদ্দিন আজমল সাংসদ হোৱাটো ৰাজ্যবাসীৰ বাবে দুৰ্ভাগ্যজনক’। এইদৰে কয় ৰঞ্জিৎ দাসে।

আনহাতে সদ্য অগপ ত্যাগী নেতা তথা বিজেপিৰ ৰাজ্যিক সদস্য গোপী নাথে উক্ত নিৰ্বাচনী সভাতে অগপ দলক ক্ষুৰধাৰ সমালোচনা কৰা দেখা যায়। অগপ দলে সৰভোগ সমষ্টিত কেতিয়াও শাসনত আহিব নোৱাৰে বুলি মন্তব্য কৰে।

উক্ত নিৰ্বাচনী প্ৰচাৰ সভাত বিজেপিৰ যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি অনুপ বৰ্মন, সম্পদ দাস, বুবুল দেউৰী, পঞ্চায়ৰ সভাপতি প্ৰাৰ্থী ওচমান গণি, আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী জাহিদুল ইছলামৰ উপৰি বিভিন্ন গাঁও সদস্যৰ প্ৰাৰ্থীসকল উপস্থিত থাকে।