NORTHEAST NOW (Assamese)
অসম

Women Football ৰাজ্যৰ ক্ৰীড়াজগতৰ বাবে ভাল খৱৰ; দুভৰিৰ যাদুৰে বিশ্বজিনাৰ সপোন একাংশ যুৱতী-কিশোৰীৰ

Posted by: নীলমনি শর্মা, কৃষ্ণাই Updated by: নীলমনি শর্মা, কৃষ্ণাই November 9, 2021 8:42 am
Dudhnoi lady football.png sports

Women Football অসমৰ ক্ৰীড়া জগতৰ বাবে আন এটা ভাল খবৰ ৷ গোৱালপাৰাৰ প্ৰতিখন খেলপথাৰতে এতিয়া চলিছে যুৱতী-কিশোৰীৰ দুভৰিৰ যাদু। ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰত নক্ষত্ৰৰ দৰে উজলিবলৈ সাজু হৈছে দুধনৈৰ অৰ্ধশতাধিক যুৱতী-কিশোৰী ৷ দুভৰিৰ যাদুৰে বিশ্বজিনাৰ সপোন ৰচিছে এইসকল যুৱতী-কিশোৰীয়ে ৷

শেহতীয়াকৈ দুধনৈৰ কেইবাখনো খেলপথাৰত চলি আছে ফুটবল খেলৰ প্ৰতিযোগিতা।

ক’ভিড  হ্ৰাস হোৱাৰ লগে লগে ক্ৰমাৎ স্বাভাৱিক জীৱন যাত্ৰা উভতি আহিছে ৰাজ্যলৈ ৷ ক’ভিড সৃষ্ট পৰিৱেশ উন্নিত হোৱাৰ বাবে দুধনৈৰ গাঁৱেভূঞে আৰম্ভ হৈছে ফুটবল খেলৰ প্ৰতিযোগিতা ৷

ইয়াৰ মাজতে গুৰুত্বপূৰ্ণ আৰু প্ৰশংসনীয় দিশটো হ’ল এই প্ৰতিযোগিতা সমূহত শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে অতি কমেও একোখনকৈ হ’লেও যুৱতী-কিশোৰী ফুটবল খেলৰ আয়োজন কৰিছে আয়োজক সমিটি সমূহে ৷

লক্ষ্য আৰু উদ্যেশ্য মাত্ৰ এটাই, সেয়া হ’ল- গোৱালপাৰা জিলাৰ যুৱতী-কিশোৰী সকলক ফুটবলৰ প্ৰতি আকৰ্ষণ বৃদ্ধি কৰা আৰু ইচ্ছুক যুৱতীসকলক খেলপথাৰত দুভৰিৰ যাদু দেখুৱাবলৈ সুযোগ প্ৰদান কৰা ৷

Also Read: Mega Vaccination Drive গোলাঘাটত ১০ৰ পৰা ২০নৱেম্বৰলৈ ঘৰে ঘৰে চলিব সমীক্ষা; ২২ৰ পৰা ৩০নৱেম্বৰলৈ ব্যাপক প্ৰতিষেধক প্ৰদান অভিযান

এনে মহান উদ্যেশ্য আগত ৰাখিয়েই এই পদক্ষেপ গ্ৰহণ কৰা জিলাখনৰ বিভিন্ন গাঁৱৰ লগতে কৃষ্ণাইৰ শালপাৰাৰ ৰাজহুৱা খেলপথাৰত শালপাৰা আঞ্চলিক বহুমুখী যুৱ সংঘই আয়োজন কৰা ফুটবল টুৰ্নামেণ্ট চলি থকাৰ মাজতে সমিতিয়ে আয়োজন কৰে যুৱতী-কিশোৰীৰ মাজত এখনি ফুটবল মেচ ৷

ইয়াত অংশগ্ৰহণ কৰে কোকৰাঝাৰ ছোৱালী ফুটবল দল আৰু ৰঙিয়া ছোৱালী ফুটবল দলে ৷ অতি আকৰ্ষণীয় আৰু উত্তেজনাপূৰ্ণ খেলখন উপভোগ কৰিবলৈ খেলপথাৰত ভিৰ কৰিলে পুৰুষৰ লগতে বহু যুৱতী-মহিলাই ৷

Also Read: দেশৰ কেইবাখনো মহানগৰত নতুনকৈ স্থাপন হ’ব অসম ভৱন

দুয়োটা দলৰে কিশোৰী সকলে সুন্দৰ খেল প্ৰদৰ্শন কৰে আৰু দৰ্শকক আপ্লুত কৰে ৷ এই বিশেষ খেলখন কেৱল মাথোঁ ৰাইজক আমোদ দিয়াৰ বাবেই নহয় বৰং যুৱতী সকলক ফুটবলৰ প্ৰতি আকৰ্ষিত কৰাৰ বাবেহে অনুষ্ঠিত কৰা হৈছিল ৷

মোবাইল, ইন্টাৰনেটৰ যুগৰ এই সময়ত আজিৰ বেছিভাগ সন্তানে মোবাইলত গেম খেলাত ব্যস্ত থকা দেখা যায় যদিও গোৱালপাৰাৰ বিভিন্ন গাঁৱৰ এই প্ৰশংসনীয় পদক্ষেপৰ বাবে এতিয়া বহু যুৱতী-কিশোৰীয়ে মোবাইলৰ গেম এৰি খেলপথাৰত সময় অতিবাহিত কৰিবলৈ আৰম্ভ কৰিছে আৰু এয়া ৰাজ্যৰ ক্ৰীড়া জগতখনৰ বাবে নিতান্তই এক ভাল খবৰ ৷