NORTHEAST NOW (Assamese)
অসম

চুমি বৰাৰ জামিন মঞ্জুৰ: মুক্তিৰ পথ মুকলি ট্ৰেডিং কেলেংকাৰীৰ অভিযুক্তৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 21, 2025 11:49 am

গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্য কঁপোৱা বহুকোটি টকাৰ ট্ৰেডিং কেলেংকাৰীৰ অন্যতম অভিযুক্ত অভিনেত্ৰী চুমি বৰাক জামিন প্ৰদান কৰিছে। ২০২৪ চনৰ ১২ ছেপ্টেম্বৰত অসম আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চৰ হাতত গ্ৰেপ্তাৰ হোৱা চুমি বৰাই ডিব্ৰুগড়ৰ বৰবৰুৱা আৰু দুলীয়াজান থানাৰ গোচৰৰ লগতে কেন্দ্ৰীয় তদন্ত সংস্থা (চিবিআই)ৰ গোচৰতো জামিন লাভ কৰিছে।

ইয়াৰ পিছতে অচিৰেই তেওঁ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা মুক্তি পাব। ইতিমধ্যে এই গোচৰৰ অন্য দুজন প্ৰধান অভিযুক্ত বিশাল ফুকন আৰু চুমি বৰাৰ স্বামী তাৰ্কিক বৰাইও ৩ মে’ত জামিন লাভ কৰি মুক্তি লাভ কৰিছে।

উল্লেখ্য যে এই ট্ৰেডিং কেলেংকাৰীত বিনিয়োগকাৰীৰ পৰা অবৈধভাৱে কোটি কোটি টকা সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছিল। গুৱাহাটী উচ্চ ন্যায়ালয়ে চুমিৰ জামিনৰ ক্ষেত্ৰত চিবিআইৰ তদন্তত নিৰ্ধাৰিত সময়ৰ ভিতৰত চাৰ্জশ্বীট দাখিল নকৰাৰ কাৰণে ডিফ’ল্ট জামিনৰ সিদ্ধান্ত লয়।

চুমি বৰাৰ জামিনে এই কেলেংকাৰীৰ তদন্তৰ গতিবিধিৰ ওপৰত নতুন প্ৰশ্নৰ সৃষ্টি কৰিছে। এই সিদ্ধান্তই অসমৰ জনসাধাৰণৰ মাজতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।