NORTHEAST NOW (Assamese)
দেশ

২০০০ কোটি টকাৰ শিক্ষা পুঁজি বন্ধঃ উচ্চতম ন্যায়ালয়ত কেন্দ্ৰৰ বিৰুদ্ধে গোচৰ ৰুজো কৰিলে তামিলনাডু চৰাকাৰে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 21, 2025 12:21 pm

তামিলনাডু চৰকাৰে সমগ্ৰ শিক্ষা আঁচনিৰ অধীনত২০০০ কোটি টকাৰো অধিক শিক্ষা পুঁজি মুকলি কৰি নিদিয়াৰ  অভিযোগত কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজো কৰিছে। ৰাষ্ট্ৰীয় শিক্ষা নীতি (NEP) ২০২০ আৰু পি এম শ্ৰী আঁচনি সম্পূৰ্ণৰূপে গ্ৰহণ নকৰাৰ কাৰণে কেন্দ্ৰই এই ধন মুকলি কৰি দিয়া নাই বুলি ৰাজ্য চৰকাৰে দাবী কৰিছে । মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ ওপৰত  ৰাজনীতি কৰাৰ কথা অভিযোগ উত্থাপন কৰি কয় যে এই পুঁজি বিদ্যালয়ৰ উন্নতি, শিক্ষকৰ প্ৰশিক্ষণ আৰু ছাত্ৰ-ছাত্ৰীৰ কল্যাণৰ বাবে অতি প্ৰয়োজনীয়।

তামিলনাডুৱে ৬% সুতৰ সৈতে ২,১৫১.৫৯ কোটি টকাকে ধৰি মুঠ ২,২৯১ কোটি টকা মুকলি কৰাৰ দাবী জনাইছে, যাতে শিক্ষা কাৰ্যসূচীৰ কাম আগবঢ়াই নিব পৰা যায়। ৰাজ্যখনে যুক্তি দৰ্শাইছে যে তেওঁলোকৰ নিজা দুভাষিক নীতি থকাৰ বাবে আৰু NEP-ৰ তিনিভাষিক সূত্ৰৰ বিৰোধিতা কৰাৰ কাৰণে কেন্দ্ৰৰ এই ধন মুকলি কৰি নিদিয়াৰ সিদ্ধান্ত অন্যায়। এই আইনী সংগ্ৰামে শিক্ষা নীতি আৰু পুঁজিৰ ক্ষেত্ৰত ৰাজ্য আৰু কেন্দ্ৰৰ মাজৰ ক্ৰমবৰ্ধমান উত্তেজনাক উজ্জ্বল কৰি তুলিছে। তামিলনাডুৰ জনাইছে যে এই ধন ছাত্ৰ-ছাত্ৰী আৰু বিদ্যালয়ৰ উন্নয়নৰ বাবে অপৰিহাৰ্য।

উল্লেখ্য যে এয়াই প্ৰথম নহয় যে তামিলনাডুৱে কেন্দ্ৰৰ এনে কাৰ্যকলাপৰ বিৰুদ্ধে প্ৰশ্ন উত্থাপন কৰিছে। কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী ষ্টেলিনে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজো কৰাৰ পৰিকল্পনা ঘোষণা কৰি কৈছিল যে ৰাজনৈতিক মতভেদৰ কাৰণে ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ ক্ষতি হ’ব নালাগে। তামিলনাডুৰ লগতে কেৰেলা আৰু পশ্চিম বংগৰ দৰে ৰাজ্যসমূহেও শিক্ষা পুঁজিৰ ক্ষেত্ৰত কেন্দ্ৰৰ সৈতে একে ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে। উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰতে নিৰ্ভৰ কৰিছে  শিক্ষা পুঁজিৰ বিতৰণৰ পদ্ধতি আৰু NEP গ্ৰহণ নকৰাৰ বাবে ৰাজ্যসমূহৰ প্ৰতি কি ব্যৱস্থা গ্ৰহণ কৰিব।