NORTHEAST NOW (Assamese)
অসম

আকৌ হ’ব নেকি লকডাউন! দেশত এদিনতে ক’ৰ’ণাত আক্ৰান্ত ১ লাখ ৩ হাজাৰ ৫৫৮ গৰাকী লোক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 5, 2021 1:02 pm
covid_571_855

নিৰ্বাচনী সভাত হাজাৰ হাজাৰ মানুহৰ সমাগম দেখি আপুনি মুঠেও আশ্বস্ত নহ’ব যে দেশত ক’ৰ’ণা নাই। ক’ৰ’ণাই এতিয়া পুনৰ ৰুদ্ৰৰ মূতি ধৰি ৰাজ্যই ৰাজ্যই সংহাৰ চলাই গৈছে।

মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰতে দেশত মাৰাত্ম ভাইৰাছ বিধত আক্ৰান্ত হৈছে ১ লাখ ৩ হাজাৰ ৫৫৮ গৰাকী লোক।

এই গতি অব্যাহত থাকিলে দেশত পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰাৰ আশংকা কৰা হৈছে।

সমগ্ৰ ভাৰতত কোভিড আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছেগৈ ১ কোটি ২৫ লাখ ৮৯ হাজাৰ ৬৭ গৰাকী ।

এওঁলোকৰ মাজৰে সুস্থ হৈ উঠা লোকৰ সংখ্যা হৈছে ১ কোটি ১৬ লাখ ৮২ হাজাৰ ১৩৬ গৰাকী।

দেশত বৰ্তমান ক’ৰ’ণাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা লোকৰ সংখ্যা হৈছে ৭ লাখ৪১ হাজাৰ৮৩০ গৰাকী।

২৪ ঘণ্টাত কোভিডত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লৈছে ৪৭৮ গৰাকী লোকে।

সমগ্ৰ দেশতে কাল ক’ৰ’ণাই প্ৰাণ কাঢ়ি নিয়া মুঠ লোকৰ সংখ্যা হৈছেগৈ ১ লাখ ৬৫ হাজাৰ ১০১ গৰাকী।

এইবাৰো ক’ৰ’ণাৰ সংক্ৰমণৰ ক্ষেত্ৰত প্ৰথম স্থানত আছে মহাৰাষ্ট্ৰ।ৰাজ্য খনত জাৰি কৰা হৈছে নাইট কাৰ্ফিউ।বিহাৰত ১০ এপ্ৰিল পৰ্যন্ত বন্ধ কৰি দিয়া হৈছে সকলো বিদ্যালয়।

এনে পৰিস্থিতিত অসমতো পুনৰ লক ডাউন হ’ব নেকি সেয়া সাধাৰণ জনতাৰ মুখে মুখে বাগৰি ফুৰা এটা প্ৰশ্ন হৈ পৰিছে। অসমৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত লক ডাউনৰ কোনো সম্ভাৱনা নথকাৰ কথা কৈ আহিছে যদিও এই প্ৰসংগত বহু কথা যিহেতু কেন্দ্ৰ ওপৰত নিৰ্ভৰ কৰে সেয়া মানুহৰ মজত এতিয়াও অনিশ্চয়াতা বিৰাজ কৰি থকা পৰিলক্ষিত হৈছে।

দেশৰ ১৩৩ কোটি জনতাৰ ভিতৰত মাত্ৰ ৭ কোটি ৯১ লাখ ৫ হাজাৰ ১৬৩ গৰাকী লোককহে এতিয়ালৈকে কোভিডৰ ভেকচিন প্ৰদান কৰিব পৰা হৈছে।