NORTHEAST NOW (Assamese)
অসম

জাতীয় জীৱনৰ ৰং বোলোৱা ব’হাগ বিহুৰ প্ৰাক্ক্ষণত আখৰাত ব্যস্ত দোলাকাষৰীয়া গাঁৱৰ ডেকা-গাভৰু

Posted by: মীনাক্ষী ফুকন Updated by: মীনাক্ষী ফুকন April 5, 2021 12:46 pm
Bihu Golaghat

বিহু বিহু বিহুটি / আমাৰ বিহু তিনিটি / কাতি বিহু কঙালী / মাঘৰ বিহু ভোগালী / বহাগ বিহু ৰঙালী / ৰঙালীতে ধেমালি কৰো হেৰা চেনাইটি অ’…. অসমীয়া জীৱনৰ আয়ুস ৰেখা ৰঙালী বিহু সমাগত।

ঢোলৰ চাপৰ আৰু পেঁপাৰ মাতত মুখৰিত এতিয়া অসমৰ আকাশ বতাহ। নিৰ্বাচনী গৰম বতাহৰ  মাজতে সমগ্ৰ ৰাজ্যতে চলিছে ব’হাগ বিহু আদৰাৰ পূৰ্ণ প্ৰস্তুতি।

অসমীয়াৰ বাপতি সাহোন ব’হাগ বিহুলৈ মাজত মাথোঁ কেইটিমান দিন বাকী। তাৰ প্ৰাক্ক্ষণত এতিয়া  গাঁৱৰ ডেকা-গাভৰু সকল ব্যস্ত হৈ পৰিছে বিহু আখৰাত।

বিগত বৰ্ষত ক’ভিড সৃষ্ট পৰিবেশৰ বাবে বিহু উদযাপনৰ পৰা বিৰত থাকিব লগীয়া হৈছিল  প্ৰতি গৰাকী অসমীয়া।

কিন্তু এইবেলি দুগুণ উৎসাহেৰে বাপতি সাহোন বিহুটি আদৰিবলৈ সাজু হৈছে সকলো। যাৰবাবে এক সীমাহীন ব্যস্ততা সকলোৰে মাজত।

একেদৰে গোলাঘাট খুমটাইৰ ডেকা দোলাকাষৰীয়া গাঁৱৰ আদিত্য ক্লাবত অনুষ্ঠিত হৈছে বিহু কৰ্মশালা ৷

বেতিয়নী মণ্ডল সমল কেন্দ্ৰৰ অধীনৰ ১০ খন চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক বিহু কৰ্মশালাত প্ৰশিক্ষণ প্ৰদান কৰা হৈছে ৷

উদ্দেশ্য কেৱল বিহু উদযাপনেই নহ’য়, ইয়াৰ লগতে অন্তৰ্ভুক্ত হৈ আছে অন্য এক মহৎ লক্ষ্য।

চৰকাৰী বিদ্যালয়ৰ প্ৰতি অভিভাৱকসকলক আকৰ্ষিত কৰি ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধি কৰিবলৈ এনেদৰে বিহু কৰ্মশালাৰ যোগেদি দোলাকাষৰীয়া গাঁৱৰ ডেকা -গাভৰুৱে  গ্ৰহণ কৰিছে এই প্ৰচেষ্টা।