NORTHEAST NOW (Assamese)
দেশ

কাশ্মীৰ প্ৰসঙ্গ: ৰাষ্ট্ৰসংঘত মৌখিক যুদ্ধত লিপ্ত ভাৰত-পাকিস্তান

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 4, 2022 4:56 pm
Pakistan and India in UN

ৰাষ্ট্ৰসংঘৰ মজিয়াত আকৌ উত্থাপিত হৈছে কাশ্মীৰ প্ৰসঙ্গ। কাশ্মীৰক কেন্দ্ৰ কৰি ৰাষ্ট্ৰসংঘৰ মজিয়াত পুনৰ মৌখিক যুদ্ধত লিপ্ত হৈছে ভাৰত আৰু পাকিস্তান। সম্প্ৰতি কাশ্মীৰ উপত্যকাত সৃষ্টি হোৱা অস্থিৰ পৰিস্থিতিক লৈ ৰাষ্ট্ৰসংঘত উদ্বেগ প্ৰকাশ কৰিছে পাকিস্তানে।

বৃহস্পতিবাৰে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে আন্তঃৰাষ্ট্ৰীয় আইনৰ অৱমাননা, তাৰ দায়বদ্ধতা আৰু বিচাৰ ব্যৱস্থা শক্তিশালী কৰাৰ বিষয়ে আলোচনা কৰে। আলবেনিয়াৰ নেতৃত্বত অনুষ্ঠিত আলোচনাত পাকিস্তানৰ ভাৰপ্ৰাপ্ত স্থায়ী প্ৰতিনিধি আমিৰ খানে কাশ্মীৰ প্ৰসংগ উত্থাপন কৰিছিল। কাশ্মীৰত মানৱ অধিকাৰ উলংঘা কৰা হৈছে বুলি তেওঁ অভিযোগ কৰে।

তেওঁ লগতে কাশ্মীৰত আন্তঃৰাষ্ট্ৰীয় আইনৰ অৱমাননা কৰা হৈছে বুলিও অভিযোগ কৰে। ভাৰতক লক্ষ্য কৰি পাকিস্তানৰ দূত গৰাকীয়ে কয় যে কাশ্মীৰত দীৰ্ঘম্যাদী নিৰাপত্তা পৰিষদৰ প্ৰস্তাৱক লৈ বিতৰ্ক চলি আছে আৰু ই অতি চিন্তাৰ বিষয়। তেওঁ কয়, ‘ভাৰতে দশক দশক ধৰি কাশ্মীৰ উপত্যকাত প্ৰায় ৯ লাখ সৈন্য মোতায়েন কৰি আহিছে। ভাৰতীয় সৈন্যই কাশ্মীৰত ধৰ্ষণৰ দৰে অমানৱীয় কাৰ্য্য অব্যাহত ৰাখিছে। আন্তঃৰাষ্ট্ৰীয় অপৰাধ আইন অমান্য কৰি প্ৰতিবাদকাৰীৰ ওপৰত গুলীচালনা কৰা হৈছে।”

পাক প্ৰতিনিধিৰ এই অভিযোগৰ পিছতে বাংলাদেশ যুদ্ধৰ প্ৰসংগ উল্লেখ কৰি ভাৰতে ওলোটাই আক্ৰমণ কৰে চুবুৰীয়া ৰাষ্ট্ৰক। পাকিস্তান সেনাই পূব পাকিস্তান অৰ্থাৎ বৰ্তমানৰ বাংলাদেশত সংখ্যালঘুৰ ওপৰত কিদৰে গণহত্যা চলাইছিল সেই কথা নিৰাপত্তা পৰিষদত উত্থাপন কৰে ভাৰতৰ স্থায়ী মিছনৰ অধিবক্তা ড. কাজল ভাটে। আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পাকিস্তানে সদায় মিছা কথা কৈ আহিছে বুলিও তেওঁ কয়।

কাজল ভাটে কয়, “আজি আমি আন্তৰ্জাতিক আইন উলংঘাকাৰীক জবাবদিহি কৰি ন্যায়পালিকা কেনেকৈ শক্তিশালী কৰিব পাৰো সেই বিষয়ে আলোচনা কৰি আছো। কিন্তু ভাগ্যৰ বিড়ম্বনা হ’ল পাকিস্তানৰ প্ৰতিনিধি দলটোৱে হয়তো বিষয়টোৰ গুৰুত্ব উপলব্ধি কৰাত ব্যৰ্থ হৈছে। কাৰণ গণহত্যাৰ দায়িত্ব কেনেকৈ এৰাই চলিব পাৰি তাৰ প্ৰমাণ পাকিস্তান।”

“পূব পাকিস্তানত গণহত্যা সংঘটিত কৰাৰ এক লজ্জাজনক অতীত আছে। ক্ষমা বিচৰা বহুত দূৰৰ কথা, পাকিস্তানে গণহত্যাৰ দায়িত্বও স্বীকাৰ কৰা নাই। পাক সমৰ্থিত উগ্ৰপন্থীয়ে কাশ্মীৰৰ সংখ্যালঘু লোকক লক্ষ্য কৰি জনগাঁথনি সলনি কৰাৰ চেষ্টা চলাইছে। পাকিস্তানৰ ভ্ৰম দূৰ কৰি জনাব বিচাৰিছো, কেন্দ্ৰীয় শাসিত জম্মু-কাশ্মীৰ আৰু লাডাখ ভাৰতৰ এক অবিচ্ছেদ্য অংগ।”- ভাটে লগতে কয়।