NORTHEAST NOW (Assamese)
অসম

প্ৰশাসনৰ উচ্ছেদ অভিযানৰ মাজতে গোলাঘাটত হঠাৎ বন্ধ কৰা হ’ল বেচৰকাৰী যাত্ৰীবাহী যান-বাহন

Posted by: মীনাক্ষী ফুকন Updated by: মীনাক্ষী ফুকন April 6, 2021 1:12 pm
Eviction final

আজি  গোলাঘাটত প্ৰশাসনৰ উচ্ছেদক লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ’য়।

গোলাঘাট ভি আই পি ৰোডৰ মটৰ শ্ৰমিক ইউনিয়ন কাৰ্যালয় উচ্ছেদক লৈ উত্তপ্ত পৰিস্থিতি উদ্ভৱ হ’য়।

গোলাঘাট জিলা প্ৰশাসনে উচ্ছেদ অভিযান চলাই থকা সময়তে মটৰ শ্ৰমিক ইউনিয়নে প্ৰতিবাদ সাব্যস্ত কৰাত আৰক্ষীয়ে মটৰ শ্ৰমিক ইউনিয়নৰ নেতা কৃষ্ণ বৰাক আটক কৰে।

কৃষ্ণ বৰাক আটক কৰাৰ পিছতে মটৰ শ্ৰমিক ইউনিয়নে গোলাঘাটৰ সকলো ধৰণৰ বেচৰকাৰী যাত্ৰীবাহী যান-বাহন বন্ধ কৰি দিয়ে।

যান-বাহন বন্ধ কৰি দিয়াৰ ফলত সাধাৰণ যাত্ৰীসকলে দুৰ্ভোগ ভূগিব লগা হয়।

প্ৰশাসনে  এই উচ্ছেদ অভিযানত গোলাঘাট চুতীয়া ছাত্ৰ সন্থাৰ কাৰ্যালয়ো উচ্ছেদ কৰে।