NORTHEAST NOW (Assamese)
অসম

সেনাৰ বিৰুদ্ধে মাত মতা অভিনেত্ৰীকে ধৰি ৬০ জনক ‘ৱাণ্টেড’ ঘোষণা কৰি কাকতত বিজ্ঞাপন প্ৰকাশ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 6, 2021 3:47 pm
a mannnnnn

এজন বা দুজন নহয়, ৬০ গৰাকী লোকৰ বিৰুদ্ধে ম্যানমাৰৰ সামৰিক শাসকে ‘ৱাণ্টেড’ ঘোষণা কৰি আজি বাতৰি কাকতত বিজ্ঞাপন প্ৰকাশ কৰিছে।

ম্যানমাৰৰ চৰকাৰী সংবাদপত্ৰ Global New Light ত আজি সামৰিক শাসকে ৬০ গৰাকী ব্যক্তিৰ নাম তেওঁলোকৰ ছবি সহ প্ৰকাশ কৰিছে।

উক্ত লোকসকলে ম্যানমাৰৰ সাধাৰণ জনতাক সেনাৰ বিৰুদ্ধে উচটনি দিয়াৰ অভিযোগ অনা হৈছে।

সেয়ে ম্যানমাৰৰ আইনৰ ৫০৫ ক ধাৰাত তেওঁলোকক দোষী সাৱস্ত্য কৰি বিজ্ঞাপন প্ৰকাশ কৰা হৈছে।

ধৰা পৰিলে বিজ্ঞাপনত নাম প্ৰকাশ পোৱা লোকসকলে কমেও তিনি বছৰৰ কাৰাবাস খাটিব লাগিব।

সেনাই প্ৰকাশ কৰা বিজ্ঞাপনত নাম থকা ম্যানমাৰৰ অভিনেত্ৰী য়াট নো য়ায়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কৈছে যে সেনাৰ এনে কাৰ্যত তেওঁ মুঠেও ভয় খোৱা নাই।

দেশৰ বাবে তেওঁ মাত মাতি যাব বুলিও অভিনেত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিছে। উল্লেখ্য এতিয়ালৈকে সেনাই ম্যানমাৰত ৫৭০ গৰাকীৰো অধিক প্ৰতিবাদকাৰীক হত্যা কৰিছে।

উল্লেখযোগ্য যে ম্যানমাৰৰ সুৰক্ষা বাহিনীয়ে যোৱা সপ্তাহত দেশখনৰ ১৮জনকৈ চেলিব্ৰেটীক আটক কৰাৰ জাননী প্ৰেৰণ কৰিছে।

আটাইকেইজন চেলিব্ৰেটিয়ে সামৰিক অভ্যুত্থানৰ প্ৰতিবাদ কৰিছিল।

ম্যানমাৰৰ সুন্দৰীৰ খিতাপ লাভ কৰা হান লায়য়েও জুণ্টাৰ বিৰুদ্ধে মাত মাতি আহিছে।