NORTHEAST NOW (Assamese)
অসম

ক’ভিডৰ মহা সংক্ৰমণ! অসমৰ এইখন জিলাত জাৰি কৰা হ’ল ১৪৪ ধাৰা

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ April 6, 2021 6:23 pm
a myanmar

 ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰণালয়ৰ ক’ভিড-১৯ ব্যৱস্থাপনাৰ নিৰ্দেশনা অনুসৰি শিৱসাগৰ জিলাৰ জিলা দণ্ডাধীশ বিষ্ণু কমল বৰাই আজি জাৰি কৰা এক আদেশযোগে সমগ্ৰ শিৱসাগৰ জিলাত কাৰ্যকৰী হোৱাকৈ ভাৰতীয় ফৌজদাৰী কাৰ্যবিধি আইনৰ ১৪৪ ধাৰা বলবৎ কৰিছে।

এই নিৰ্দেশনা অনুসৰি প্ৰত্যেক গৰাকী ব্যক্তিয়েই ৰাজহুৱা স্থান, কৰ্মস্থলী, বজাৰ, ৰাজহুৱা বাহন আদিত মাস্ক পৰিধান কৰা আৰু সামাজিক দূৰত্ব মানি চলাটো বাধ্যতামূলক কৰা হৈছে ।

ইয়াৰ লগতে ৰাজহুৱা স্থানত থু-খেকাৰ আদি পেলোৱা কঠোৰভাৱে নিষিদ্ধ কৰা হৈছে।

a let

তদুপৰি, এই আদেশযোগে সকলো চৰকাৰী, বে-চৰকাৰী প্ৰতিষ্ঠান, ব্যৱসায়িক প্ৰতিষ্ঠান, দোকান, হোটেল, ৰেষ্টুৰেন্ট আদিত থাৰ্মেল স্কেনিং আৰু প্ৰৱেশ পথত ছেনিটাইজাৰ/ হাত ধুৱাৰ ব্যৱস্থা মজুত ৰাখিব লাগিব ।

এই আদেশ সমগ্ৰ শিৱসাগৰ জিলাত তৎকালে বলৱৎ হৈছে আৰু পৰৱৰ্ত্তী নিৰ্দেশ নিদিয়ালৈকে বাহাল থাকিব।

এই নিৰ্দেশ অমান্যকাৰী সকলৰ বিৰুদ্ধে দুৰ্যোগ ব্যৱস্থাপনা আইন, ২০০৫ ৰ ৫১-৬০ ধাৰাৰ উপৰিও ভাৰতীয় দণ্ডবিধি আইনৰ ১৮৮ ধাৰা অনুসৰি আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।