NORTHEAST NOW (Assamese)
Popular Stories

ক’ভিডত আক্ৰান্ত হোৱাৰ এবছৰৰ পাছত প্ৰথমবাৰৰ বাবে মুখ খুলিলে ‘বেবী ডল’ কণিকা কাপুৰে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 8, 2021 12:30 pm

বলিউডৰ জনপ্ৰিয় নেপথ্য গায়িকা কণিকা কাপুৰৰ নাম বাতৰিৰ শিৰোনামা আহিছিল ২০২০ চনৰ প্ৰথমভাগত।

তেওঁ যোৱা বৰ্ষৰ ২০ মাৰ্চত তেওঁৰ কভিড-১৯ পজিটিভ ধৰা পৰিছিল।

এগৰাকী চেলিব্ৰেটী ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ খবৰটোৱে সেইসময়ৰ মহামাৰী বিয়পাৰ প্ৰথম পৰ্যায়ত ব্যাপক চৰ্চা লাভ কৰিছিল।

কিন্তু ক’ভিড-১৯ আক্ৰান্ত হ’লেও সেই সময়ত তেওঁ সুস্থ হৈ উঠিবলৈ গায়িকগৰাকীক কোনেও শুভেচ্ছা জনোৱা নাছিল।

তাৰ বিপৰীতে, তেওঁলৈ ঘৃণা আৰু নিন্দাজনক বাৰ্তা প্ৰেৰণ কৰা হৈছিল।

কৰোণাভাইৰাছ আৰু ঘৃণাৰ স’তে যুঁজি আৰোগ্য লাভ কৰাৰ এবছৰ পাছত গায়িকাগৰাকীয়ে সেই সময়ৰ অভিজ্ঞতাৰ বিষয়ে এক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত মুখ খুলিছে।

তেওঁ কয় যে তেওঁক লৈ যি ঘৃণাৰ পৰিৱেশ সৃষ্টি হৈছিল, ই তেওঁৰ বাবে ইমানেই গধুৰ আছিল আছিল যে তেওঁ মানসিকভাৱে ভাগি পৰিছিল।

”সেয়া মোৰ বাবে সঁচাকৈ কঠিন আছিল।”- গায়িকাগৰাকীয়ে কয়।

”মই সামাজিক মাধ্যমৰ পৰা আঁতৰি আহিছিলো কাৰণ মই ইয়াক চম্ভালিব নোৱাৰিছিলো। এই মানসিকতাৰ পৰা পৰিত্ৰাণ পাবলৈ মোক এটা বছৰ লাগিল।”- গায়িকগৰাকীয়ে কয়।

উল্লেখযোগ্য ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ পাছতে গায়িকাগৰাকীৰ ওপৰত কেইবাটাও গোচৰ আৰোপ কৰা হৈছিল।

ভাৰতীয় দণ্ডবিধি আইনৰ ২৬৯ (দুৰাৰোগ্য বেমাৰ সোঁচৰোৱাৰ অপৰাধ), ২৭০ (দুৰাৰোগ্য বেমাৰ প্ৰকাশ্যে সোঁচৰোৱাৰ অপৰাধ) আৰু ১৮৮ (ৰাজহুৱা নিৰ্দেশ অমান্য) ধাৰাৰ ভিত্তিত তেওঁ গোচৰৰ সম্মুখীন হৈছিল।

৪৩ বৰ্ষীয়া গায়িকাগৰাকীয়ে বৰ্তমান সংগীত চৰ্চা অব্যাহত ৰাখিছে।

শেহতীয়াকৈ তেওঁৰ গান ‘ছনেয়া ৱে’ আৰু ‘২ চীটাৰ কাৰ’য়ে জনপ্ৰিয়তা লাভ কৰিছে।

২০১৪ চনৰ ‘বেবী ডল’ নামৰ গানটোৰে প্ৰবল জনপ্ৰিয়তা লাভ কৰা গায়িকগৰাকীয়ে কয় যে এগৰাকী গৃহিণীৰ পৰা পপষ্টাৰ হোৱালৈকে, ভাৰতীয় সংগীত উদ্যোগত তেওঁৰ এই যাত্ৰা অভাৱনীয়।