NORTHEAST NOW (Assamese)
অসম

বঙাইগাঁৱৰ ভাণ্ডাৰাত এয়াৰটেল কোম্পানীৰ নিম্নমানৰ নেটৱৰ্কৰ বাবে স্থানীয় ৰাইজৰ প্ৰতিবাদ

Posted by: ইয়াছিন আলী March 23, 2018 7:48 pm

শুকুৰবাৰে দুপৰীয়া বঙাইগাঁও জিলাৰ ভাণ্ডাৰা বজাৰত স্থানীয় ৰাইজে এয়াৰটেল কোম্পানীৰ বিৰুদ্ধে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।

উল্লেখযোগ্য যে এয়াৰচেল কোম্পানীটো বন্ধ হোৱাৰ পিছতে শেহতীয়াকে আজি কিছুদিনৰ এয়াৰটেলৰ নেটৱৰ্কো বেয়া হৈ পৰাত বিভিন্ন ঠাইৰ এয়াৰটেলৰ গ্ৰাহক সকল বিভিন্ন সমস্যাত পৰিছে। ফলত এয়াৰটেলৰ গ্ৰাহক সকল কোম্পানীটোৰ ওপৰত ক্ষোভিত হৈ পৰে। আনিক ঠাইয়ে ঠাইয়ে এয়াৰটেলৰ শেহতীয়াকৈ এনে কাৰ্যকলাপৰ বাবে প্ৰতিবাদো জনাইছে।

ইফালে শুকুৰবাৰে বঙাইগাঁও জিলাৰ ভাণ্ডাৰাটো স্থানীয় ৰাইজে এয়াৰটেলৰ উপযুক্ত নেটৱৰ্ক নাপাই অতিষ্ঠ হৈ পৰি স্থানীয় লোকে এয়াৰটেল কোম্পানীটোৰ সা-সামগ্ৰী জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰী সকলে ‘এয়াৰটেল কোম্পানী হাঁয় হাঁয়, লুণ্ঠনৰাজ বন্ধ কৰক, শীঘ্ৰে নেটৱৰ্কৰ ব্যৱস্থা কৰক, আমাৰ নেটৱৰ্ক লাগিব’ আদি প্ৰতিবাদী শ্ল’গানেৰে ভাণ্ডাৰা বজাৰ উত্তাল কৰি তোলে। প্ৰতিবাদকাৰী সকলে জানিবলৈ দিয়া মতে এয়াৰটেল কোম্পানীটোৰ নেটৱৰ্ক বৃহস্পতিবাৰৰ পৰা অতি বেয়া হৈ পৰাত তেওঁলোক বহু সমস্যাৰ সন্মুখীন হ’ব লগীয়া হয়।

তাৰোপৰি প্ৰতিবাদকাৰী সকলে পৰ্যাপ্ত পৰিমাণৰ নেটৱৰ্ক যোগান ধৰিব নোৱাৰিলে এয়াৰচেলৰ দৰে এয়াৰটেল কোম্পানীটোকো বন্ধ কৰাই ভাল বুলি মন্তব্য কৰে। লগতে অনাগত দিনত ৰাইজক লুণ্ঠন কৰা বন্ধ নকৰিলে কোম্পানীটোৰ বিৰুদ্ধে ইয়াতকৈও ভয়াবহ আন্দোলন কৰিব বুলি জানিবলৈ দিয়ে।