NORTHEAST NOW (Assamese)
অসম

ভেকচিনৰ বিনিময়ত তাইওৱানৰ সৈতে সম্পৰ্ক ছিন্ন কৰিবলৈ এইখন দেশক হেঁচা দিছে চীনে!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 8, 2021 4:10 pm
taiwan foreign Minister

কৰ’না ভেকচিনৰ বিনিময়ত তাইওৱানৰ সৈতে কূটনৈতিক সম্পৰ্ক ছিন্ন কৰিবলৈ চীনে পাৰাগুৱেক হেঁচা দিয়া বুলি মন্তব্য কৰিছে তাইওৱানৰ বৈদেশিক মন্ত্ৰী যোচেফ উৱে।

উল্লেখ্য যে তাইওৱান এখন স্বাধীন ভূখণ্ড হিচাপে স্বীকৃতি দিয়া দেশসমূহৰ ভিতৰত লেটিন আমেৰিকাৰ দেশ পাৰাগুৱেও আছে।

তাইওৱানৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে কৰ’নাৰ ভেকচিন কিনাৰ ক্ষেত্ৰত ভেকচিন উৎপাদনকাৰী দেশসমূহক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে।

তাইওৱানৰ বৈদেশিক মন্ত্ৰীগৰাকীৰ প্ৰতি সঁহাৰি জনাই ভাৰতে ইতিমধ্যে পাৰাগুৱেখ এক লাখ ড’জ কৰ’নাৰ ভেকচিন দিয়াৰ কথা ঘোষণা কৰিছে।

চীন আৰু তাইওৱানৰ মাজৰ সংঘাত বহু পুৰণি আৰু তাইওৱানত নিজৰ কৰ্তৃত্ব স্থাপনৰ বাবে বেইজিঙে সামৰিক পদক্ষেপ ক্ষিপ্ৰতৰ কৰি তুলিছে।

বিগত কেইবামাহ ধৰি তাইওৱানৰ আকাশমাৰ্গৰ সীমান্তত চীনে দৈনিক যুদ্ধ বিমানৰ আখৰা চলাইছে।