NORTHEAST NOW (Assamese)
অসম

সৰ্বানন্দ সোণোৱালৰ অনুমতি নোহোৱাকৈ কেনেকৈ নাগৰিকত্ব সংশোধনী বিধেয়কৰ সমৰ্থন জনালে অ’ এছ ডি শ্বেখৰ দে’ই? প্ৰশ্ন অখিল গগৈৰ

Posted by: কল্পজ্যোতি শইকীয়া July 1, 2018 10:29 pm
KMSS

সৰ্বানন্দ সোণোৱালে বৰাকৰ অ’ এছ ডি অৰ্থ্যাৎ বিশেষ কৰ্তব্যৰত বিষয়া শ্বেখৰ দে’ই North East Linguistic & Ethnic Co-Ordination Committee নামৰ ২৫ দিন পূৰ্বে গঠন হোৱা এটা সংগঠনক কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰীক সাক্ষাৎ কৰিবৰ বাবে লৈ গৈছিল বুলি আজি এক সংবাদ মেলত অভিযোগ তোলে কৃষক নেতা অখিল গগৈয়ে।

তেওঁ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতি প্ৰশ্ন উত্থাপন কৰি কয় “সৰ্বানন্দ সোণোৱালৰ সন্মতি নোহোৱাকৈ এটা বিতৰ্কিত বিষয়ত (যিটো বিষয়ত সৰ্বানন্দ সোণোৱালে লাজ-লাজকৈ অসমীয়া জাতিৰ বিপক্ষে কেতিয়াও কাম নকৰো বুলি কৈ থাকে) তেনেকুৱা এটা বিষয়ত তথা হিন্দু বাংলাদেশীক সংস্থাপিত কৰিবৰ কাৰণে ওকালতি কৰিবলৈ শ্বেখৰ দে’ক মুখ্য মন্ত্ৰীয়ে কিয় পঠাইছিল?”

মুখ্য মন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়াক পাবত গজা সংগঠনৰ সৈতে হিন্দু বাংলাদেশীৰ হৈ ৰাজনাথ সিঙৰ ওচৰত ওকালতি কৰিব বিচৰা ঘটনাটোৱে প্ৰমাণ কৰি দিলে যে স্বয়ং মুখ্য মন্ত্ৰীয়ে অসমলৈ হিন্দু বাংলাদেশী অনাটো বিচাৰে। এইদৰে ৰাজ্যৰ মুখ্য মন্ত্ৰীগৰাকীলৈ সন্দেহৰ আঙুলি টোঁৱায় কৃষক নেতা অখিল গগৈয়ে।

ইফালে, উক্ত সংবাদমেলতে অসমীয়া ৰাইজক মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰকৃত চেহেৰা তথা চৰিত্ৰ বুজি উঠিবৰ বাবে আহ্বান জনোৱাৰ লগতে তেওঁ এইবুলিও কয় “মুখ্য মন্ত্ৰীৰ এই প্ৰকৃত চেহেৰা চোৱাৰ পাছত আচলতে মুখ্য মন্ত্ৰী সোণোৱালৰ প্ৰতি মোহ ত্যাগ কৰিবৰ বাবে অসমবাসীক অনুৰোধ জনাইছো।”

“সৰ্বানন্দ সোণোৱাল সদৌ অসম ছাত্ৰ সন্থাৰ পৰা গৈছে বাবে বহুতে তেওঁক জাতীয়তাবাদী মানুহ বুলি ভাবি থাকে -এই কথাটো সম্পূৰ্ণৰূপে মিছা।” অখিলে এনেদৰে উল্লেখ কৰে।

আনহাতে, “সোণোৱাল আৰ এছ এছ বিজেপিৰ ওচৰত বিক্ৰী গৈছে।” বুলি কটাক্ষ কৰি অখিলে লগতে কয় “তেওঁ নিজৰ গাদী ৰক্ষা কৰিবৰ কাৰণে দিল্লী আৰু নাগপুৰৰ ওচৰত শৰণাপন্ন হৈছে। তেওঁ আত্মসমৰ্পণ কৰিছে।”

সেয়েহে অসমীয়া মানুহে এনেকুৱা এগৰাকী আত্মসমৰ্পণকাৰী নেতাৰ ওপৰত ভৰসা কৰি থকাটো কেতিয়াও শুভ লক্ষণ নহয় বুলি অখিলে সংবাদমেলত মত প্ৰকাশ কৰে।