NORTHEAST NOW (Assamese)
অসম

ছচিয়েল মিডিয়াত আপত্তিজনক প’ষ্ট কৰিলে ৫বছৰৰ জেইল! কেৰালাৰ নতুন আইনক লৈ বিতৰ্ক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 23, 2020 7:24 am
social media representative image

তীব্ৰ বিৰোধিতাৰ মাজতে কেৰালাৰ বিতৰ্কিত আৰক্ষী আইনৰ সংশোধনী অধ্যাদেশত ৰাজ্যপালে স্বাক্ষৰ কৰে। নতুন অধ্যাদেশৰ ফলত এই আইন অধিক কঠোৰ হৈ পৰিল।

এতিয়া এই আইনৰ ফলত কেৰালাত ছচিয়েল মিডিয়াত আপত্তিজনক প’ষ্ট কৰিলে ৫বছৰ পৰ্যন্ত জেইল হ’ব পাৰে।

এই আইনৰ ফলত বাক স্বাধীনতা তথা সংবাদমাধ্যমৰ স্বাধীনতা বিপন্ন হ’ব বুলি অভিযোগ কৰিছে বিৰোধীসকলে।

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নে কয়,’’কেৰালা আৰক্ষী আইনৰ নতুন সংশোধনী কোনো কাৰণতেইবাক স্বাধীনতা নাইবা পক্ষপাতিত্বহীন সাংবাদিকতাৰ বিৰুদ্ধে ব্যৱহাৰ নহয়।‘’

কেৰালা চৰকাৰে দাবী কৰে যে মহিলা আৰু শিশুসকলৰ বিৰুদ্ধে বৃদ্ধি পোৱা চাইবাৰ অপৰাধ ৰোধ কৰিব এই সংশোধনে।

সংশোধিত আইনৰ প্ৰস্তাৱ অনুসৰি যিকোনো ব্যক্তিয়ে যিকোনো লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব পাৰিব। তদুপৰি, আৰক্ষীয়েও নিজৰ ফালৰ পৰা গোচৰ ৰুজু কৰিব পাৰিব। এই আইনৰ ফলত আৰক্ষীৰ ক্ষমতা বৃদ্ধি পাব।

এতিয়াৰে পৰা কেৰালাত ছচিয়েল মিডিয়াত অপমানজনক প’ষ্ট কৰিলে ৫বছৰ পৰ্যন্ত জেইল অথবা ১০ হাজাৰ টকালৈকে জৰিমনা আৰু কেতিয়াবা দুয়োটাই হ’ব পাৰে।

বিৰোধীয়ে এই নতুন সংশোধনীয়ে আৰক্ষীক অনাৱশ্যকভাৱে সীমাহীন ক্ষমতা প্ৰদান কৰাৰ লগতে ইয়াৰ অপব্যৱহাৰ কৰাৰ সম্ভাৱনা বৃদ্ধি কৰিব বুলি সমালোচনা কৰিছে। চৰকাৰে এই আইন ব্যৱহাৰ কৰি সমালোচকসকলৰ কণ্ঠৰোধ কৰিব পাৰে বুলিও মত প্ৰকাশ কৰিছে বিৰোধীয়ে।

কেৰালা চৰকাৰৰ বক্তৱ্য হৈছে যে বৰ্তমান যি আইন আছে সি চাইবাৰ অপৰাধ ৰোধ কৰিবলৈ যথেষ্ট নহয়। তদুপৰি, যোৱা মে’ মাহত উচ্চ ন্যায়ালয়ে ৰাজ্যখনৰ মুখ্য সচিব আৰু ডিজিপিক ছচিয়েল মিডিয়াত ঘৃণা তথা বিদ্বেষমূলক প’ষ্টৰ বিৰুদ্ধে পদক্ষেপ ল’বলৈ নিৰ্দেশ দিছিল বুলিও জানিবলৈ দিয়ে চৰকাৰে।