NORTHEAST NOW (Assamese)
অসম

গোলাঘাটৰ আহোম গাঁৱৰ নাহৰফুটুকী বাঘ হত্যাত জড়িত চাৰিজনক আটক

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া April 24, 2020 1:21 pm
Culprit3

লকডাউন চলি থকাৰ মাজতেই যোৱা শনিবাৰৰ দিনা গোলাঘাটৰ টৰফাট আহোম গাঁৱত এটা দুস্কৃতিকাৰীৰ দলে এটা নাহৰফুটুকী বাঘৰ পোৱালীক হত্যা কৰিছিল।

এক বিশেষ সুত্ৰৰ আধাৰত গোলাঘাটৰ আৰক্ষীয়ে বন বিভাগৰ লগত অভিযান চলাই নগৰৰ বেঙেনাখোৱাৰ সমীপৰ টৰফাট আহোম
গাঁৱত গাঁতত পুতি থোৱা অৱস্থাৰ পৰা নাহৰফুটুকী বাঘটোৰ মৃতদেহ উদ্ধাৰ কৰিছিল।

মানুহৰ এটা দলে নাহৰফুটুকী বাঘৰ পোৱালীটোক হত্যা কৰি মাংস কাটি ভক্ষণ কৰাৰ পৰিকল্পনা কৰিছিল। কিন্তু অভিযানকাৰী দল পোৱাৰ আগতেই ঘটনাস্থলীৰ পৰা দুস্কৃতিকাৰী দলটো পলাই গৈছিল।

Culprit3 (1)
ফটো নর্থ-ইষ্ট নাও

বৃহস্পতি বাৰৰ দিনা বিয়লি গোলাঘাট বন সংমণ্ডলৰ বনাঞ্চলিক বিষয়া পুস্পধৰ বুঢ়াগোঁহাইৰ নেতৃত্বত চলা এক অভিযানত টাৰফত আহোম গাঁৱৰ পৰা এই ঘটনাৰ সৈতে জড়িত চাৰিজন লোকক আটক কৰে।

ধৃত লোক কেইজন হ’ল জোনমন গগৈ, ৰক্তিম গগৈ, থগীৰাম গগৈ আৰু নিত্যানন্দ শইকীয়া। চাৰিওজনেই টৰফাট আহোম গাঁৱৰ বুলি জানিব পৰা গৈছে।

বৃহস্পতিবাৰৰ এই অভিযানত গোলাঘাট আৰক্ষীয়েও বন বিভাগক সহায় কৰিছিল। নাহৰফুটুকী বাঘৰ এই ঘটনাত আৰু লোক জড়িত থকাৰ সম্ভাৱনা আছে বুলি বনবিভাগৰ সূত্ৰত প্ৰকাশ পাইছে।