NORTHEAST NOW (Assamese)
অসম

চাকৰি নিয়মীয়াকৰণৰ দাবীৰে পলিটেকনিকৰ কৰ্মৰত অনিয়মীয়া প্ৰবক্তাৰ কৰ্মবিৰতি পালন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 6, 2021 9:37 am

চাকৰি নিয়মীয়াকৰণ আৰু দৰমহা বৃদ্ধিৰ দাবীৰে ৰাজ্যৰ পলিটেকনিকৰ কৰ্মৰত অনিয়মীয়া প্ৰৱক্তা সকলে কৰ্মবিৰতি আৰম্ভ কৰিছে।

দীৰ্ঘদিন ধৰি ৰাজ্য চৰকাৰে এই অনিয়মীয়া প্ৰৱক্তা সকলৰ দৰমহা বৃদ্ধিৰ বাবে কোনোধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ বাবেই সমগ্ৰ ৰাজ্যৰ ১১ খন পলিটেকনিকৰ প্ৰৱক্তা সকলে এই প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰে।

নিউ পলিটেকনিক ফেকাল্টি এছ’চিয়েশ্যন, অসমৰ তৰফৰ পৰা এই সম্পৰ্কত ৰাজ্যৰ শিক্ষা বিভাগৰ সৈতে বাৰম্বাৰ যোগাযোগ ৰখাৰ পাছতো এইসকল প্ৰৱক্তাৰ দৰমহা বৃদ্ধি আৰু চাকৰি নিয়মীয়াকৰণৰ ক্ষেত্ৰত ৰাজ্যৰ শিক্ষা বিভাগে কোনোধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাত তেওঁলোকে উপায়ন্তৰ হৈ প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰিবলগীয়া হয়।

ৰাজ্যৰ বিভিন্ন পলিটেকনিকৰ উপৰিও বৰপেটা পলিটেকনিকটো অনিয়মীয়া প্ৰৱক্তা সকলে কৰ্মবিৰতি পালন কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

পলিটেকনিকখনত কৰ্মৰত অনিয়মীয়া প্ৰৱক্তা সকলে শীঘ্ৰে চাকৰি নিয়মীয়া কৰা আৰু নিয়মীয়া নোহোৱা পৰ্যন্ত প্ৰৱক্তাৰ সমহাৰত দৰমহা দিয়া আদিৰ দাবীৰে এখন স্মাৰক পত্ৰ শিক্ষা বিভাগলৈ প্ৰেৰণ কৰে।