NORTHEAST NOW (Assamese)
অসম

মন্ত্ৰী অতুল বৰাৰ উদ্যোগত বোকাখাতত কৃৰ্তী ছাত্ৰ-ছাত্ৰীক বিশেষ সম্বৰ্ধনা

Posted by: উত্তম শইকীয়া July 1, 2018 10:27 pm
felicitation at Bokakhat

বোকাখাতৰ নাট্যমন্দিৰত আজি আয়োজিত এক গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত সমষ্টিটোৰ কৃৰ্তিমান ছাত্ৰ-ছাত্ৰী সকলক বিশেষ সম্বৰ্ধনা জনোৱা হয়।

বোকাখাতৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰাৰ উদ্যোগত অনুষ্ঠিত এই অভিনন্দন অনুষ্ঠানত বোকাখাত সমষ্টিৰ ৫২ খন বিদ্যালয়ৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ৪২৫ গৰাকী হাইস্কুল শিক্ষান্ত পৰীক্ষার্থী, ১৬ খন উচ্চতৰ বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ১৭৫ গৰাকী উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীর্ণ ছাত্র-ছাত্রী সৈতে সর্বমুঠ ৬০০ গৰাকী ছাত্ৰ-ছাত্ৰীক অভিনন্দন আৰু সম্বৰ্ধনা জনোৱা হয়।

গাম্ভীৰ্যপূৰ্ণ এই অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য এ কে বুঢ়াগোহাঁই, যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য কমল মল্ল বুজৰবৰুৱা, গোলাঘাট জিলাৰ উপায়ুক্ত গৌৰৱ বোথ্ৰা, জিলা আৰক্ষী অধীক্ষক মানবেন্দ্ৰ দেব ৰয়, মহকুমাধিপতি বিবেক শ্যাম উপস্থিত থাকে।

অনুষ্ঠানত ৬০০ গৰাকী ছাত্ৰ-ছাত্ৰীক কেবিনেট মন্ত্ৰী অতুল বৰাই ফুলাম গামোছা, মানপত্ৰ আৰু উপহাৰৰ টোপোলাৰে সম্বৰ্ধনা জনায়।