NORTHEAST NOW (Assamese)
Popular Stories

পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বিজেপিৰ ধৰ্ষণকাৰী বিধায়কৰ পত্নীয়ে, ক’ত?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 9, 2021 2:00 pm

২০১৭ চনৰ ৪ জনত উত্তৰপ্ৰদেশৰ উন্নাউত সংঘটিত হোৱা এটা গণধৰ্ষণে দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছিল।

এগৰাকী নাবালিকাৰ স’তে হোৱা ধৰ্ষণকাণ্ডটোৰ মূল অভিযুক্ত কুলদ্বীপ সিং সেংগাৰ আছিল এজন বিজেপি বিধায়ক।

ধৰ্ষণকাণ্ডটোৰ পাছতে তেওঁৰ বিধায়ক পদবী খাৰিজ কৰাৰ লগতে বিজেপিৰ পৰাও বহিস্কৃত হৈছিল।

২০২০ চনত কুলদীপ সেংগাৰক ১০ বছৰৰ বাবে কাৰাদণ্ড বিহাৰ উপৰিও ধৰ্ষণৰ ভুক্তভোগীৰ পিতৃৰ মৃত্যু হোৱাৰ বাবে ১০ লাখ টকাৰ জৰিমণা ভৰোৱা হৈছিল।

অভিযুক্তজন শেহতীয়াকৈ পুনৰ বাতৰিৰ শিৰোনামালৈ আহিছে।

বাতৰি অনুযায়ী, অভিযক্ত বিজেপি সদস্যজনৰ পত্নী সংগীতাই ৰাজ্যখনৰ আসন্ন পঞ্চায়ত নিৰ্বাচনত বিজেপি প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিব।

উন্নাউৰ জিলা পঞ্চায়তৰ চেয়াৰমেন হিচাপে তেওঁ ফাটেহপুৰ চৌৰাশী ত্ৰিতায়া কেন্দ্ৰৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।

উল্লেখযোগ্য যে ৰাজ্যখনৰ পঞ্চায়ত নিৰ্বাচন ১৫ এপ্ৰিলৰ পৰা চাৰিটা পৰ্যায়ত অনুষ্ঠিত হ’ব।

নিৰ্বাচনৰ ফলাফল ঘোষণা হ’ব ২ মে’ত।