NORTHEAST NOW (Assamese)
অসম

লকডাউনৰ মাজতে পাঠদানৰ বিশেষ ব্যৱস্থা ছেবাৰ

Posted by: দীপজ্যোতি শৰ্মা Updated by: দীপজ্যোতি শৰ্মা April 28, 2020 6:15 pm
SEBA finds alternative way to continue classes amid lockdown

লকডাউনৰ সময়ত ৰাজ্য ছাত্ৰছাত্ৰীৰ সকল যাতে শিক্ষা গ্ৰহণৰ বঞ্চিত নহয় তাৰ বাবে অসম মাধ্যমিক শিক্ষা ব’ৰ্ড চমুকৈ ছেবাই গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে।

বিশেষকৈ নৱম আৰু দশম শ্রেণী ছাত্ৰছাত্ৰীসকল উপকৃত হোৱাকৈ ছেবাই গ্ৰহণ কৰিছে বিশেষ পাঠদানৰ ব্যৱস্থা। এই কথা প্ৰকাশ কৰিছে ছেবাৰ সচিব সুৰঞ্জনা সেনাপতিয়ে।

ছাত্ৰছাত্ৰীসকলৰ সুবিধা হোৱাকৈ অনলাইনৰ পাঠদানৰ ব্যৱস্থা কৰা হৈছে। সামাজিক মাধ্যম ইউটিউবত লিংকসমূহ প্ৰেৰণ কৰা হৈছে ৰাজ্যৰ প্ৰতিখন জিলালৈ। তাত স্কুল পৰিদৰ্শক আৰু ছাত্ৰছাত্ৰীসকলক অৱগত কৰা হৈছে। প্ৰতি জিলা হোৱাটচ এপ গ্রুপত লিংকসমূহ প্ৰেৰণ কৰা হৈছে। এই কথা জানিবলৈ দিয়ে সচিব সেনাপতিয়ে৷

আনহাতে ২৭ এপ্ৰিল অৰ্থাৎ সোমবাৰৰ পৰা আকাশবাণী গুৱাহাটীৰ জৰিয়তে ছাত্ৰছাত্ৰীসকলৰ বাবে এক ঘণ্টা ক্লাছ আৰম্ভ কৰা হৈছে। দুপৰীয়া ১২.৩০ বজাৰপৰা .৩০ বজালৈ সপ্তাহত সোমবাৰৰ পৰা শুকুৰবাৰলৈ চলিব এই ক্লাছ। নৱমদশম শ্রেণীৰ মূলতঃ তিনিটা বিষয়ৰ ওপৰত আৰম্ভ হোৱা ক্লাছে সামৰি ল’ব গণিত, সমাজ বিজ্ঞান আৰু ইংৰাজী বিষয়ক। এই গুৰুত্বপূৰ্ণ পদক্ষেপৰ কথা সচিব সেনাপতিয়ে জানিবলৈ দিয়ে।

লগতে তেওঁ কয় প্ৰথমদিনটোত গণিতৰ ক্লাছ হৈছিল। ক্লাছটোৰ প্ৰতি সঁহাৰি আকাশবাণী সূত্ৰই জনোৱা অনুসৰি বহুত ভাল হৈছে, সন্তোষজনক।

উল্লেখ যে ক্লাছটোত প্ৰথমে আধা ঘন্টা বিশেষ পাঠটো বুজাই দিয়া হয়।বাকী আধা ঘন্টা ফোনৰ জৰিয়তে ছাত্ৰছাত্ৰীৰ প্ৰশ্ন লোৱা হয় আৰু যদি বিষয়টো ওপৰত ছাত্ৰছাত্ৰীৰ বুজাত অসুবিধা হ’লে পুনৰ বুজাই দিয়া হয়।

গুৰুত্বপূৰ্ণ কথা এই যে ছাত্ৰছাত্ৰীসকলক কোন দিনা কি বিষয়ৰ পাঠদান হ’ব সেই সন্দৰ্ভত ইতিমধ্যে সময়সূচী বনাই ঘোষণা কৰা বুলি সেনাপতিয়ে জানিব দিয়ে।

আনহাতে অনলাইন পাঠদান ব্যৱস্থা বহুখিনি সুবিধা হৈছে যদিও বহু ছাত্ৰছাত্ৰীক সামৰিব পৰা নাই ব্যৱস্থা এই কথা স্বীকাৰ কৰি সচিব সেনাপতিয়ে কয়,সকলো ছাত্ৰছাত্ৰীৰ হাতত উপযুক্ত ফোনৰ ব্যৱস্থা নাই। ফলত যোগাযোগত কিছু সমস্যা আহিছে।

ইফালে জিলাসমূহৰ পৰা অহা খবৰ অনুসৰি ক্লাছ কৰাৰ সমান্তৰালকৈ
তেওঁলোক অনলাইনত পৰীক্ষাৰো পাতিছে।

ডিব্ৰুগড়, গোলাঘাট আদি জিলাসমূহে নিজাকৈ নতুন ব্যৱস্থা গ্ৰহণ কৰি ইউনিট টেষ্টো পাতিছেসেনাপতিয়ে লগতে কয়।