NORTHEAST NOW (Assamese)
Popular Stories

ক’ৰ’নাৰ সংক্ৰমণ ৰোধৰ বাবে এইখন গাঁওৰ গাঁৱবাসীয়ে কিয় ব্যৱহাৰ কৰিছে ছাতি?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 28, 2020 6:30 pm
ক’ৰ’নাৰ সংক্ৰমণ ৰোধৰ বাবে এইখন গাঁওৰ গাঁৱবাসীয়ে কিয় ব্যৱহাৰ কৰিছে ছাতি?

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে কেৰালাৰ এখন গাঁৱে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে।

কেৰালাৰ থান্নেৰমুক্কম গাঁও পঞ্চায়তে ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ সময়ত সামাজিক দূৰত্ব বজাই ৰখাৰ বাবে গাঁৱত ছাতিৰ ব্যৱহাৰ বাধ্যতামূলক কৰিছে।

কেৰালাৰ বিত্ত মন্ত্ৰী থমাছ ইছাকে গাঁৱবাসীৰ এই সিদ্ধান্তক আদৰণি জনাইছে।

‘‘দুটা খোলা ছাতিয়ে দুজন মানুহক ইজনে সিজনৰ গাত স্পৰ্শ কৰাৰ পৰা আতৰাই ৰাখে আৰু ই অতি কম এক মিটাৰ সামাজিক দূৰত্ব বজাই ৰখাত সহায় কৰে,’’ কেৰালাৰ বিত্ত মন্ত্ৰী গৰাকীয়ে টুইট কৰি কয়।

আনহাতে, থান্নেৰমুক্কম গাঁও পঞ্চায়তৰ প্ৰতিনিধিসকলে ইয়াৰ বাসিন্দা সকলৰ মাজত ১০,০০০ ছাতি বিতৰণ কৰিছে।

উল্লেখযোগ্য যে, ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ কিছু পৰ্যায়লৈ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা কেৰালা চৰকাৰৰ আৰ্হিয়ে বহু লোকক সজাগ কৰি তুলিছে।

কেৰালা চৰকাৰে কঠোৰ ল’কডাউন পালন আৰু সামাজিক দূৰত্ব বজাই ৰখাৰ মাধ্যমেৰেৰ ক’ৰ’নাৰ সংক্ৰমণ ৰোধৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে।