NORTHEAST NOW (Assamese)
অসম

অসমৰ বাবে সংৰক্ষিত পদত বহিঃৰাজ্যৰ প্ৰাৰ্থীৰ আৱেদন!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 13, 2023 6:28 pm
Assam job

কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীত অসমৰ স্থায়ী বাসিন্দাৰ ভুৱা পৰিচয়ৰে বহিঃৰাজ্যৰ হাজাৰ হাজাৰ প্ৰাৰ্থীয়ে আৱেদন কৰি লিখিত পৰীক্ষাত উত্তীৰ্ণ হৈ মেডিকেল পৰীক্ষাৰ বাবে বাচনিকৃত হোৱা বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰিছে; সৃষ্টি হৈছে তীব্ৰ বিতৰ্কৰ।

এই বিতৰ্কৰ মাজতে বিষয়টোৰ তাৎক্ষণিক হস্তক্ষেপ বিচাৰি আজি ৰাজ্যৰ মুখ্য সচিব পবন কুমাৰ বৰঠাকুৰলৈ পত্ৰ প্ৰেৰণ কৰিছে ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন চমুকৈ ডি ৱাই এফ আইৰ ৰাজ্যিক সম্পাদক ৰিতু ৰঞ্জন দাসে।

মেইলযোগে প্ৰেৰণ কৰা পত্ৰখনত কোৱা হয় যে, কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীৰ অন্তৰ্গত বি এছ এফ, চি আৰ পি এফ, এছ এছ বি, চি আই এছ এফ, আছাম ৰাইফলছ, এছ এছ এফ, এন চি বি আদি বিভাগৰ বিভিন্ন পদৰ বাবে এছ এছ চি (ষ্টাফ চিলেকচন কমিছন)- এ সমগ্ৰ দেশতে পৰীক্ষা অনুষ্ঠিত কৰিছে।

“এই ক্ষেত্ৰত অসমৰ বাবে সংৰক্ষিত পদৰ সংখ্য হৈছে ৩,৪৮৭ টা। বাতৰি কাকতত প্ৰকাশ পোৱা তথ্য অনুসৰি এই সংৰক্ষিত পদত ভূৱা পৰিচয় পত্ৰ আৰু ভূৱা স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ দি বহিঃৰাজ্যৰ হাজাৰ হাজাৰ প্ৰাৰ্থীয়ে আৱেদন কৰিছে।”– পত্ৰখনত লগতে উল্লেখ কৰা হৈছে।

ইয়াৰ ফলত অসমৰ বহু প্ৰাৰ্থী বঞ্চিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি ডি ৱাই এফ আই- এ দাবী কৰিছে। কেৱল বঞ্চিত হোৱাই নহয়, বহিঃৰাজ্যৰ প্ৰাৰ্থী আৰু থলুৱা প্ৰাৰ্থীৰ মাজত ইয়াৰ ফলত সংঘাত হোৱাৰো সম্ভাৱনা আছে বুলি আশংকা প্ৰকাশ কৰে দাসে।

“ইতিমধ্যে দেখা গৈছে যে শোণিতপুৰ জিলাত উত্তৰ প্ৰদেশৰ তিনিজন ভূৱা প্ৰাৰ্থীক আৰক্ষীয়ে আটক কৰিছে। যোৰহাট জিলাতো তিনিজনক আটক কৰিছে। এয়া খুবেই উদ্বেগ আৰু চিন্তাৰ বিষয়।”– তেওঁ লগতে কয়।

ৰিতু ৰঞ্জন দাসে লগতে স্থানীয় প্ৰাৰ্থীৰ অভিযোগৰ ভিত্তিতহে উক্ত প্ৰাৰ্থীসকলক আৰক্ষীয়ে আটক কৰিছে তথা আজি দুই তিনিদিন ধৰি এই বিষয়ত বাতৰি প্ৰকাশ হৈছে যদিও প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ কৰে।

ডি ৱাই এফ আই-ৰ নেতাগৰাকীৰ মতে, অসমৰ কোটাত বহিঃৰাজ্যৰ প্ৰাৰ্থীয়ে আৱেদন কৰি মেডিকেল পৰীক্ষালৈ বাচনিকৃত হ’ব পৰাটো এক ডাঙৰ প্ৰশাসনিক ব্যৰ্থতাৰ বিষয়, য’ত ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীৰ ভবিষ্যত জড়িত হৈ আছে। আৰু সেয়ে প্ৰশাসনে সঠিক পদক্ষেপ গ্ৰহণ কৰি কঠোৰ ব্যৱস্থা লোৱা প্ৰয়োজন।

অসমৰ স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ কেবেকৈ উলিয়াব পাৰিলে সেই বিষয়েও নজৰ দিয়া প্ৰয়োজন বুলি উল্লেখ কৰি তেওঁ লগতে কোনো কাৰণতে যাতে অসমৰ সংৰক্ষিত পদৰ এটাও পদ বহিঃৰাজ্যৰ প্ৰাৰ্থীয়ে ল’ব নোৱাৰে, তাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ভবিষ্যতৰ বাবে এই ক্ষেত্ৰত প্ৰশাসন অধিক তৎপৰ হোৱা প্ৰয়োজন বুলি পত্ৰখনত উল্লেখ কৰে।