NORTHEAST NOW (Assamese)
Popular Stories

মাওবাদী অধ্যুষিত অঞ্চলত নিৰুদ্দেশ ৩জন স্বাস্থ্যকৰ্মী, আৰক্ষীৰ তদন্ত অব্যাহত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 9, 2021 3:01 pm

মাওবাদীয়ে চট্টিশগড়ৰ বিজাপুৰ জিলাৰ বাস্তাৰ অঞ্চলত সেনাবাহিনীৰ স’তে মুখামুখি সংঘৰ্ষত লিপ্ত হোৱাৰ পাছতে অঞ্চলটোৰ পৰা ৩ জন স্বাস্থ্যকৰ্মী নিৰুদ্দেশ হৈছে।

শুকুৰবাৰে পোহৰলৈ অহা ঘটনাটোৰ আঁৰত মাওবাদী জড়িত আছে বুলি সন্দেহ কৰা হৈছে।

সন্দেহ কৰা মতে, মাওবাদীয়ে স্বাস্থ্যকৰ্মীসকলক অপহৰণ কৰিছে।

আটাইকেওজন স্বাস্থ্যকৰ্মীকে শেহবাৰৰ বাবে গাংগালোৰ অঞ্চলৰ এখন গাঁৱত দেখা গৈছিল।

এজন লোকে জনাইছে যে তেওঁ প্ৰত্যক্ষ কৰামতে, মাওবাদীয়ে স্বাস্থ্যকৰ্মীকেইজন হাত বান্ধি জংঘললৈ লৈ গৈছিল।

আৰক্ষী বিষয়াসকলে কৈছে হয়তো মাওবাদীয়ে তেওঁলোকৰ কেডাৰসকলৰ স্বাস্থ্যপৰীক্ষা কৰিবৰ বাবে স্বাস্থ্যকৰ্মীকেইজনক জংঘললৈ লৈ গৈছে আৰু অতি সোনকালে তেওঁলোকক মুকলি কৰি দিব।

বাস্তাৰ ৰেঞ্জৰ ইনস্পেক্টৰ জেনেৰেল সুন্দেৰাজ পিয়ে কয় যে সম্ভাব্য অপহৰণকাণ্ডটোৰ সত্যতাৰ ওপৰত পৰীক্ষা চলাই থকা হৈছে।