NORTHEAST NOW (Assamese)
অসম

দেশৰ সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকি! ভাৰতৰ জলৰাশিত প্ৰৱেশ কৰিলে মাৰ্কিন যুদ্ধ জাহাজ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 9, 2021 4:16 pm
US-Navy

ভাৰতৰ সাৰ্বভৌমত্বৰ প্ৰতি প্ৰত্যাহ্বান জনাই আমেৰিকাই ভাৰতলৈ প্ৰেৰণ কৰিলে এখন যুদ্ধ জাহাজ।

কি উদ্দেশ্যলৈ মাৰ্কিন যুদ্ধ জাহাজ খনে ভাৰতৰ জলৰাশিত প্ৰৱেশ কৰিছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই জানিব পৰা মতে ভাৰতৰ কোনো অনুমতি নোলোৱাকৈয়ে আমেৰিকাই যুদ্ধ জাহাজ খন প্ৰেৰণ কৰিছে।

ভাৰতৰ লাক্ষাদ্বীপৰ জলৰাশিত বিচৰণ কৰি ফুৰা মাৰ্কিন যুদ্ধ জাহাজ খন সন্দৰ্ভত আমেৰিকাৰ নৌ বাহিনীয়েও এটা বিবৃতি প্ৰকাশ কৰিছে।

বিবৃতিটোত মাৰ্কিন যুদ্ধ জাহাজ খনে লাক্ষাদ্বীপৰ পৰা ১৩০ নটিকেল  মাইল দূৰত্বত অৱস্থান কৰাৰ কথা কোৱা হৈছে।

আমেৰিকাৰ সপ্তম নৌ বহৰৰ ‘ইউএছএছজন পল জনছ’ নামৰ জাহাজ খনে ভাৰতৰ অৰ্থনৈতিক পৰিমণ্ডলৰ মাজত প্ৰৱেশ কৰাৰ বিষয়ত গভীৰ উদ্বেগ ব্যক্ত কৰিছে ভাৰতীয় নৌ সেনাই।

ভাৰতীয় নৌ সেনাৰ এক সূত্ৰই প্ৰকাশ কৰা মতে উক্ত অঞ্চলটো ভাৰতৰ ভিতৰতে পৰে আৰু অঞ্চলটোত চীনৰ জাহাজে প্ৰায়ে প্ৰৱেশ কৰি আহিছে যদিও ভাৰতীয় নৌ সেনাই চীনৰ জাহাজক খেদি পঠিয়াই আহিছে।

এতিয়া হঠাতে আমেৰিকাৰ যুদ্ধ জাহাজে উক্ত অঞ্চলত প্ৰৱেশ কৰাত সমগ্ৰ বিষয়টো ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে।

ইপিনে ভাৰতৰ জলৰাশিত মাৰ্কিন যুদ্ধ জাহাজৰ প্ৰৱেশৰ বিষয়টোকলৈ নতুন দিল্লীয়ে এতিয়ালৈকে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা পৰিলক্ষিত হোৱা নাই।