NORTHEAST NOW (Assamese)
অসম

ব্ৰিটেইনৰ ৰাণী এলিজাবেথ দ্বিতীয়ৰ স্বামী ৰাজকুমাৰ ফিলিপৰ মৃত্যু

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 9, 2021 5:09 pm
a phil

ব্ৰিটেইনৰ ৰাণী এলিজাবেথ দ্বিতীয়ৰ স্বামী ৰাজকুমাৰ ফিলিপ আৰু নাই। দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত আজি ৰাজকুমাৰ ফিলিপে উইণ্ডচৰ দুৰ্গত শেষ নিশ্বাস ত্যাগ কৰে।

ব্ৰিট্ৰেইনৰ ৰাজ পৰিয়ালৰ সূত্ৰই এই কথা প্ৰকাশ কৰিছে। মৃত্যুৰ সময়ত ৰাজকুমাৰ ফিলিপৰ বয়স হৈছিল ৯৯ বছৰ।

২০১৭ চনত তেওঁ আনুষ্ঠানিক ভাবে কামৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল যদিও ৰাণীৰ কামত বিভিন্ন ধৰণে সহায় কৰি গৈছিল।১৯২১ চনৰ ১০ জুনত গ্ৰীচৰ কৰ্ফু দ্বীপত জন্মগ্ৰহণ কৰা ফিলিপে জীৱনৰ সৰহভাগ সময় কটাবলগীয়া হৈছিল ফ্ৰান্স, জাৰ্মানী আদি বিভিন্ন দেশত ফিলিপ পানী কেঁচুৱা হৈ থাকোতেই তেওঁৰ পৰিয়ালটোক গ্ৰীচৰ পৰা বিতাড়িত কৰা হৈছিল।

১৯৩৯ চনত মাত্ৰ ১৮ বছৰ বয়সতে  ফিলিপে ৰয়েল নেভীত যোগদান কৰিছিল।

ইয়াৰ পিছতে তেওঁৰ সৈতে ১৩ বছৰীয়া ৰাজকুমাৰী এলিজাবেথৰ চিনাকি হৈছিল আৰু সেই চিনাকিয়েই প্ৰেমৰ ৰূপ লৈছিল।

দ্বিতীয় বিশ্ব যুদ্ধৰ পিছতে ফিলিপে ব্ৰিটেইনৰ ৰাজকুমাৰী এলিজাবেথক বিয়া কৰাইছিল আৰু ব্ৰিটেইনৰ ৰাজ পৰিয়ালৰ এগৰাকী সদস্য হৈ পৰিছিল।

ৰাজকুমাৰ ফিলিপৰ মৃত্যুত বিশ্বৰ বিভিন্ন দেশৰ শীৰ্ষ নেতাসকলে গভীৰ শোক ব্যক্ত কৰিছে।