NORTHEAST NOW (Assamese)
অসম

নিৰ্বাচনৰ ফলাফল নজনাকৈয়ে কোভিডত মৃত্যুক সাৱটিলে বিধানসভা নিৰ্বাচনৰ কংগ্ৰেছ প্ৰাৰ্থীয়ে, ক’ত?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 12, 2021 1:31 pm
tamil-nadu-con

কোভিডত আক্ৰান্ত হৈ মৃত্যুক সাৱটি ল’লে তামিলনাডুৰ শ্ৰীভিল্লিপুথুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ণাধৱ ৰাৱে।

গুৰুতৰ ভাবে অসুস্থ হৈ পৰা কংগ্ৰেছ প্ৰাৰ্থীগৰাকীক কিছুদিন পূৰ্বে ভৰ্তিকৰোৱা হৈছিল মাদুৰাইৰ এপ’ল’ হস্পিতালত।শেহতীয়াকৈ কোভিডত আক্ৰান্ত ৰাও নিউমোনিয়াত আক্ৰান্ত হৈ পৰিছিল আৰু উশাহ লোৱাত কষ্ট পাইছিল।

সেয়ে তেওঁক আইচিইউলৈ স্থনান্তৰিত কৰা হৈছিল।

কিন্তু চিকিৎসকৰ সকলো চেষ্টা ব্যৰ্থ কৰি মাধৱ ৰাওৰ দেওবাৰে মৃত্যু ঘটে বুলি পৰিয়ালৰ লোকে প্ৰকাশ কৰিছে।

মৃত্যুৰ সময়ত কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ বয়স হৈছিল ৬৩ বছৰ।

উল্লেখ্য যোৱা ৬ এপ্ৰিলত তামিলনাডুৰ ভিল্লিপুথুৰ সমষ্টিৰ ভোটগ্ৰহণ সম্পন্ন হৈছে।

নিৰ্বাচনৰ ফলাফল নোপোৱাকৈয়ে সমষ্টিটোৰ কংগ্ৰেছ প্ৰাৰ্থী মাধৱ ৰাৱে কোভিডৰ ওচৰত হাৰ মানিবলগীয়া হোৱা কথাই এতিয়া সমগ্ৰ ৰাজ্য খনতে শোকৰ ছাঁ পেলাইছে।

তামিনাডুৰ উপ-মুখ্যমন্ত্ৰী অ’ পনিৰছেলভামে মাধৱ ৰাওৰ মৃত্যুত ঘভীৰ শোক ব্যক্ত কৰিছে।

তামিলনাডুত শেহতীয়াকৈ কোভিডে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে।ৰাজ্য খনত বহু লোক নিতৌ কোভিডত আক্ৰান্ত হৈছে।