NORTHEAST NOW (Assamese)
অসম

কাশ্মীৰৰ দুৰ্গম প্ৰাকৃতিক পৰিবেশৰ মাজত শীঘ্ৰে মুকলি হ’ব বিশ্বৰ সুউচ্চ ৰে’ল দলং খন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 25, 2021 5:04 pm
Rail-bridge

কাশ্মীৰৰ দুৰ্গম প্ৰাকৃতিক পৰিবেশৰ মাজত নিৰ্মাণ কৰি থকা বিশ্বৰ সুউচ্চ ৰে’ল দলং খনৰ নিৰ্মাণ কাৰ্য প্ৰায় শেষ হোৱাৰ দিশে আগবাঢ়িছে। কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী পিয়ুষ গোৱেলে টুইটাৰত এই কথা প্ৰকাশ কৰিছে।

১হাজাৰ ২৫০ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা এই দলং খন শীঘ্ৰে মুকলি কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে।

প্ৰাকৃতিক সুষমাৰে ভৰপূৰ কাশ্মীৰত নিৰ্মাণ হৈ থকা বিশ্বৰ আটাইতকৈ ওখ ৰে’ল দলং খন মুকলি হোৱাৰ লগে লগে বিশ্বৰ ৰে’ল মানচিত্ৰত কাশ্মীৰে এক সুকীসয়া স্থান দখল কৰিবলৈ সক্ষম হ’ব।

দলং খন মুকলি হোৱাৰ লগে লগে দেশৰ অন্যান্য প্ৰান্তৰ সৈতে কাশ্মীৰ উপত্যকাৰ প্ৰায় সকলো অঞ্চল ৰে’ল সেৱাৰে সংযুক্ত হৈ পৰিব।

কাশ্মীৰৰ চেনাব নদীৰ ওপৰত বিশ্বৰ সৰ্বোচ্চ ৰে’ল দলং খনৰ নিৰ্মাণ আৰম্ভ হৈছিল ২০০৮ চনতে।

কিন্তু কেতবোৰ প্ৰাকৃতিক প্ৰতিকূলতাৰ বাবে ২০০৯ চনত দলং খনৰ নির্মাণ কাৰ্য বন্ধ কৰিবলগীয়া হৈছিল।

২০১০ চনৰ পৰা পুনৰ দলং খনৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হয়।

বিশ্বৰ সৰ্বোচ্চ ৰে’ল দলং হিচাবে পৰিগণিত হ’বলগীয় চেনাব নৈৰ ওপৰৰ এই ৰে’ল দলং খনৰ দৈৰ্ঘ ৪,৩১৪ ফুট।

কাশ্মীৰৰ বাক্কা আৰু কৌৰিৰ মাজত নির্মাণ কৰি থকা ৰে’ল দলং খন ওখই ১,১৭৮ ফুট।

দলং খনৰ প্ৰস্থ ১,৫৩২ ফুট। এই দলং খনেই হ’ব দেশৰ আটাইতকৈ বহল ৰে’ল দলং।

কাশ্মীৰত শেহতীয়াকৈ নিৰ্মাণ হৈ থকা ৰে’লপথৰ ভিতৰৰে ১৭৪ কিলোমিটাৰ পথে হৈছে সুৰংগ পথ।

বিশ্বৰ সৰ্বোচ্চ ৰে’ল দলং খন নিৰ্মাণ কৰি আছে এফকনছ ইনফ্ৰাষ্ট্ৰাকছাৰ লিমিটেড নামৰ কোম্পানীটোৱে।