NORTHEAST NOW (Assamese)
অসম

হাজোত বনদস্যুৰ বুকুত কঁপনি তুলিছে এগৰাকী মহিলা বন বিষয়াই

Posted by: মৃদুল প্ৰীতম ডেকা Updated by: মৃদুল প্ৰীতম ডেকা February 25, 2021 4:17 pm
bhaba

চিনেমা নহয়, এইবাৰ বাস্তৱত বনদস্যুৰ বুকুত কঁপনি তুলিবলৈ সক্ষম হৈছে এগৰাকী মহিলা বন বিষয়াই।

পঞ্চতীৰ্থ হাজোত এতিয়াও অব্যাহত আছে  বনদস্যুৰ সন্ত্ৰাস।চৰকাৰী বিভাগক অংগুষ্ঠ প্ৰদৰ্শন কৰি বনদস্যুৱে চলাই গৈছে বন ধ্বংস কাৰ্য।

দামপুৰৰ চকমা পাহাৰত নিশাৰ অন্ধকাৰত চলিছে বনদস্যুৰ JCB ৰ হাতোৰা।

চকমা পাহাৰত দৈনিক এনেদৰে চলি গৈছে  অবৈধ খনন।

পাহাৰৰ মাটি কাটি তহিলং কৰিছে বনদস্যুই। কিন্তু বন দস্যুৰ এনে ধ্বংস কাৰ্যত শেহতীয়াকৈ বাধাৰ প্ৰাচীৰ হিচাবে থিয় দিছে এগৰাকী মহিলা বন বিষয়াই। নাম তেওঁৰ সংগীতা ৰাণী সিংহ।

এই গৰাকী বন বিষয়াৰ নেতৃত্বত হাজোৰ বন বিভাগৰ কৰ্মীয়ে অতর্কিত অভিযান চলাই  জব্দ কৰিলে অবৈধ খননত ব্যৱহৃত  তিনিখন দাম্পাৰৰ লগতে এখন JCB।

হাজোৰ বনাঞ্চলিক বিষয়া সংগীতা ৰাণী সিংহৰ নেতৃত্বত চলা এই  অভিযানে বনদস্যুসকলক শলঠেকত পেলোৱা পৰিলক্ষিত হৈছে।

হাজোত এতিয়া বনদস্যুৰ বাবে আতংকৰ কাৰণ এইগৰাকী বন বিষয়া সংগীতা ৰাণী সিংহা।

অবৈধ পাহাৰৰ খনন বনজ সম্পদ লুণ্ঠনৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান চলিব বুলি বন বিষয়া সংগীতা ৰাণী সিংহাই সংবাদমাধ্যমৰ আগত দৃঢ়তাৰে প্ৰকাশ কৰিছে।

দুৰ্নীতিৰ বিৰুদ্ধে মহিলা বন বিষয়া গৰাকীয়ে দেখুওৱা এই দৃঢ়তাৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰখাটো সকলোৱে বিচাৰিছে।