NORTHEAST NOW (Assamese)
Popular Stories

বিজেপি মন্ত্ৰীৰ কাণ্ড! ক’ভিডৰ পৰা নিস্তাৰৰ পাবলৈ কৰিলে ‘পূজা’, তাকো মাস্ক নিপিন্ধাকৈয়ে, চাওক!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 12, 2021 3:06 pm

যিসময়ত দেশত কৰোণাভাইৰাছৰ দ্বিতীয় ঢৌ ভয়াৱহ হৈ পৰিছে, সেই সময়তে সংবাদমাধ্যমৰ শিৰোনামা দখল কৰিছে মধ্যপ্ৰদেশৰ এগৰাকী বিজেপি মন্ত্ৰীয়ে।

ৰাজ্যখনৰ পৰ্যটন মন্ত্ৰী উষা ঠাকুৰে ৯ এপ্ৰিল তাৰিখে ইন্দোৰ বিমান বন্দৰ চৌহদত থকা দেৱী অহিল্যা বাই হোলকাৰ মূৰ্তিত ‘পূজা’ অৰ্চণ কৰে।

পূজা অৰ্চণৰ উদ্দেশ্য হৈছে কৰোণাভাইৰাচৰ গতি স্তিমিত কৰিবলৈ ঈশ্বৰক সন্তুষ্টি কৰা।

কিন্তু তেওঁ চৰ্চালৈ আহিছে এইবাবেই যে কৰোণাভাইৰাচ উপশম কৰিবলৈ পূজা অৰ্চণ কৰোতে তেওঁ মুখত ‘মাস্ক’ পৰিধান কৰিবলৈ মান্তি নহ’ল।

ইয়াৰ পূৰ্বেও তেওঁ বিধানসভাত ‘মাস্ক’ পৰিধান কৰিবলৈ অমান্তি হৈছিল।

যাৰ ফলত বিতৰ্কত সোমাই পৰিছিল মন্ত্ৰীগৰাকী।

সাংবাদিকৰ আগত তেওঁ দাবী কৰিছিল যে তেওঁৰ বৈদিক জীৱনপ্ৰণালী তথা নিয়মিত হনুমান চালিছা পাঠ কৰি থকাৰ বাবে কৰোণাভাইৰাছে তেওঁৰ শৰীৰত প্ৰৱেশ কৰিব নোৱাৰে।

তদুপৰি তেওঁ কৈছিল যে গৰুৰু গোবৰে চেনিটাইজাৰৰ কাম কৰিব পাৰে।

উল্লেখযোগ্য যে সমগ্ৰ দেশৰ লগতে মধ্যপ্ৰদেশতো কৰোণাভাইৰাছে দ্ৰুতগতিত সংক্ৰমিত হৈছে।

এনে পৰিস্থিতিত বিজেপি মন্ত্ৰীজনৰ এই কাণ্ডই বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।