NORTHEAST NOW (Assamese)
অসম

বিগত ১৯বছৰে মুকলি নহ’ল টীয়কৰ হোলোঙাপাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ; শীঘ্ৰে মুকলিৰ দাবী ৰাইজৰ

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক May 16, 2021 7:06 am
IMG-20210515-WA0095

ক’ভিডৰ দ্বিতীয় লহৰত সন্ত্ৰস্ত ৰাজ্যৰ বিভিন্ন চিকিৎসালয় সমূহত ইতিমধ্যে ৰোগীৰ বাবে বিছনা বৃদ্ধি কৰাৰ লগতে নতুন চিকিৎসালয় নিৰ্মাণৰ কথাও চিন্তা-চৰ্চা কৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগে।

কিন্তু এনে জটিল সময়তো টীয়কৰ এখন চিকিৎসালয়ৰ আজিকোপতি দুৱাৰ মুকলি নহ’ল।

টীয়ক সমষ্টিৰ হোলোঙাপাৰত ২০০২ চনতেই তদানীন্তন বিধায়ক প্ৰয়াত মেম্বৰ গগৈয়ে হোলোঙাপাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰিছিল।

প্ৰায় ১৩ বিঘা মাটিৰে আৱৰা স্বাস্থ্যকেন্দ্ৰটোৰ ২০০২ চনতে আন্ত:গাঁথনি সম্পূৰ্ণ হৈ উঠাৰ পাছতো তেতিয়াৰ পৰা আজিলৈকে দুৱাৰ মুকলি নহ’ল।

সম্প্ৰতি ঘাঁহ-বন, লতাৰে আৱৰি ধৰা এই চিকিৎসালয়খন মুকলি কৰিবৰ বাবে স্থানীয় লোকে বহুবাৰ বিভাগীয় কতৃৰ্পক্ষক আবেদন নিবেদন কৰাৰ পাছতো বিভাগীয় কৰ্তৃপক্ষই প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰটো উদ্বোধন কৰিবলৈ সক্ষম নহ’ল।

বৃহত্তৰ হোলোঙাপাৰ অঞ্চলৰ ৰাইজ সাধাৰণ চিকিৎসাৰ বাবেও প্ৰায় ১২ কিল’মিটাৰ নিলগত থকা কাকজান স্বাস্থ্যকেন্দ্ৰ অথবা ২০ কিল’মিটাৰ নিলগত থকা টীয়ক এফ,আৰ,ইউলৈ যাব লগা হয়।

ৰাইজৰ দাবী নতুন মুখ্যমন্ত্ৰীৰ দিনত, নতুন স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত আৰু  স্থানীয় বিধায়িকা ৰেণুপমা ৰাজখোৱাই হোলোঙাপাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো তৎপৰতাৰে মুকলি কৰিব লাগেl