NORTHEAST NOW (Assamese)
অসম

চাঞ্চল্য! বিশ্বনাথত অপহৃত ৪টি শিশুক উদ্ধাৰ; অপহৰণকাৰীক গ্ৰেপ্তাৰ বিহালী আৰক্ষীৰ

Posted by: কাজি জেইদুল ইছলাম Updated by: কাজি জেইদুল ইছলাম May 16, 2021 6:31 am
Child lifter

বিহালী বিধানসভা সমষ্টিৰ অন্তর্গত মৰাণগাওঁ আৰু টুংবাৰীৰ পৰা ৪টি কৈ শিশু যোৱা ছয়মাহৰ ভিতৰত অপহৰণ কৰি নিয়া  অপহৰণকাৰীক শনিবাৰে বিহালী থানাৰ ভাৰপ্রাপ্ত বিষয়া আৰু বিহালী আৰক্ষী চক্র বিষয়াৰ নেতৃত্বত আৰক্ষীৰ দলে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱাৰ লগতে শিশু কেইটিকো উদ্ধাৰ কৰে।

জানিব পৰা মতে, যোৱা ৬মে’ত ইফৰান খান (২০)আৰু চুমন দাস(১৫)নামৰ ২জনক ৰাইজে আটক কৰি আৰক্ষীক চমজাই দিয়াৰ পিছত আৰক্ষীয়ে  তদন্ত কৰি যোৱা ১২ মে’ত ডফলাগড়ৰ আশীষ পাণিকা ওৰফে বাবু আৰু গহপুৰৰ চত্রঙৰ জোস্না দেউৰী(২৮),তেওঁৰ স্বামী দামোদৰ দেউৰীক আটক কৰে।

তেওঁলোকক আৰক্ষীয়ে আটক কৰি সোধপোচ কৰোতে কালি অৰুণাচলৰ পৰা শিশু কেইটি আনি জোস্নাৰ ঘৰত থৈ যায়।

পিছত আৰক্ষীয়ে শিশু কেইটিক লৈ আনি কালি স্বাস্থ্য পৰীক্ষা কৰি আদালতত হাজিৰ কৰাই শিশুকেইটিক পৰিয়ালক চমজাই দিয়াৰ ব্যৱস্থা কৰাৰ লগতে অপৰাধী কেইজনক জেললৈ প্রেৰণ কৰিছে।

অপহৰণকাৰী কেইজনে আৰক্ষীক জনোৱা মতে, ইফৰান খান আৰু চুমন দাসে শিশু কেইটিক ফুচুলাই নি আশীষ পাণিকাক গটাই দিয়াৰ পিচত আশীষ পানীকাই জোস্না দেউৰীক দিয়ে আৰু জোস্নাই অৰুণাচলৰ গংগাৰ এখন দোকানত আনিয়া মালা নামৰ এগৰাকী ব্যক্তিক গটাই দিয়ে।

এটি শিশুৰ বাবদ তেওঁলোকে ৮০হেজাৰৰ পৰা ৯০হেজাৰ টকা লাভ কৰে। বুলি  আৰক্ষীৰ আগত স্বীকাৰ কৰিছে।

বিহালী থানাৰ ভাৰপ্রাপ্ত বিষয়া কমল বড়ো আৰু চক্র পৰিদর্শক ৰিষেশ্বৰ শইকীয়াৰ নেতৃত্বত আৰক্ষীৰ দলে দেৱতুল্য শিশু কেইটিক উদ্ধাৰ কৰা কাৰ্য্যক অঞ্চলটোৰ ৰাইজে প্রশংসা কৰিছে।