NORTHEAST NOW (Assamese)
Popular Stories

পাঁচ বছৰীয়া কন্যা শিশুক ধৰ্ষণ কৰি হত্যা : ক’ত ঘটিল এই জঘন্য ঘটনা?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 12, 2021 5:22 pm
201804in

এটি পাঁচ বছৰীয়া শিশুক ধৰ্ষণ কৰি হত্যা কৰাৰ দৰে অতি জঘন্য এক ঘটনা পোহৰলৈ আহিছে।

দেওবাৰে নিশা উত্তৰ প্ৰদেশৰ বাদাউন জিলাত সংঘটিত হৈছে এই জঘন্য কাণ্ডটো।

সোমবাৰে আৰক্ষীয়ে প্ৰকাশ কৰা ঘটনাৰ বিৱৰণী অনুসৰি জিলাখনৰ চিভিল লাইনছ আৰক্ষী থানাৰ অন্তৰ্গত এটা পৰিয়ালে নিশা শস্যক্ষেত্ৰত ঘেঁহু চপাই আছিল।

পিতৃ-মাতৃয়ে ঘেঁহু চপাই থকাৰ সময়তে অভিযুক্তই কন্যা শিশুটিক তাৰ পৰা উঠাই নি ধৰ্ষণ কৰি হত্যা কৰে।

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি ২০ বছৰীয়া অভিযুক্তজন উত্তৰাখণ্ডৰ উধম সিং নগৰ জিলাৰ বাসিন্দা।

পৰিয়ালৰ লোকে অভিযুক্তজনক কোনো চিকিৎসাৰ বাবে সেই ঠাইত থকা এটা ধৰ্মীয় স্থানলৈ লৈ আহিছিল আৰু তাতে থকা অৱস্থাত এই জঘন্য কাণ্ডটো সংঘটিত কৰে।

ইফালে, ছোৱালীজনী নিৰুদ্দেশ হোৱাৰ পিছতে তাইৰ পৰিয়ালৰ লোকে তাইক বিচাৰিবলৈ আৰম্ভ কৰে আৰু তেওঁলোকে কন্যা শিশুটিৰ মৃতদেহৰ ওচৰতে যুৱকজনক কৰায়ত্ত কৰি তেওঁক প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে।

ইয়াৰ পিছতে আৰক্ষীয়ে অভিযুক্ত যুৱকজনক গ্ৰেপ্তাৰ কৰে। কন্যা শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকৎসালয়লৈ প্ৰেৰণ কৰে আৰক্ষীয়ে।