NORTHEAST NOW (Assamese)
অসম

ৰঙালীৰ ৰং: শিৱসাগৰত সদৌ অসম ভিত্তিত কণী যুঁজ আৰু মুকলি বিহু প্ৰতিযোগিতা

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ April 14, 2021 5:32 pm
a myanmar

ৰঙালী বিহুৰ আনন্দত মতলীয়া সমগ্ৰ ৰাজ্য। ৰঙালীৰ ৰঙৰ সৈতে সংগতি ৰাখি শিৱসাগৰত আজি ঐক্যৰ উদ্যোগত অনুষ্ঠিত কৰা হয়  সদৌ অসম ভিত্তিত কণী যুঁজ আৰু মুকলি বিহু।

বিগত ২৭ বছৰ ধৰি ঐক্যই শিৱসাগৰৰ মুক্তিনাথ চাৰিআলিক কণী যুঁজ প্ৰতিযোগিতাৰ আয়োজন কৰি আহিছে।

এই বৰ্ষত ঐক্যৰ উদ্যোগত আয়োজন কৰা মুকলি বিহুৰ শুভ উদ্ধোধন কৰে জিলা উপায়ুক্ত বিষ্ণু কমল বৰাই।

আনহাতে কণী যুঁজ প্ৰতিযোগিতাৰ আৰম্ভণিতে জিলা উপায়ুক্ত বিষ্ণু কমল বৰা আৰু আৰক্ষী অধীক্ষক অমিতাভ সিনহাই কণী যুঁজাই কণী যুঁজ প্ৰতিযোগিতাখনৰ শুভাৰম্ভ কৰে।

মুকলি বিহুত বহুকেইটা হুঁচৰি দলে অংশগ্ৰহণ কৰে।

প্ৰতিবৰ্ষৰ দৰে ঐক্যই এই বৰ্ষতো সমাজ জীৱনলৈ বৰঙণি আগবঢ়োৱা বহু কেইজন ব্যক্তিক বিশেষভাৱে সম্বৰ্দ্ধনা জনায়।