NORTHEAST NOW (Assamese)
অসম

কোভিডৰ ভেকচিন গ্ৰহণ কৰা সকলক উচ্চ হাৰত সুদ প্ৰদান কৰিব দেশৰ এই ৰাষ্ট্ৰীয়কৃত বেংকটোৱে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 14, 2021 4:59 pm
a vac

দেশত কোভিডৰ দ্বিতীয় ঢৌৱে সংহাৰৰ সৃষ্টি কৰাৰ সময়তে চৰকাৰে সকলো ৰাজ্যতে কোভিডক ৰুধিবলৈ ব্যাপক মাত্ৰাত ভেকচিন প্ৰদানৰ কাম আৰম্ভ কৰিছে।

এনে সময়তে ভেকচিনৰ প্ৰতি থকা অহৈতুক ভীতিৰ বাবেই বহুতে ভেকচিন গ্ৰহণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰা নাই।

দেশৰ জনতাক কোভিড ভেকচিন গ্ৰহণৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ লক্ষ্যৰে দেশৰ এটা ৰাষ্ট্ৰীয়কৃত বেংকে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে।

সেইমৰ্মে কোভিড ভেকচিন গ্ৰহণ কৰা গ্ৰাহকসকলক চেণ্ট্ৰেল বেংক অৱ ইণ্ডিয়াই ফিক্সড ডিপোজিটত অধিক হাৰত সুদ প্ৰদানৰ সিদ্ধান্ত লৈছে।

বেংকটোৱে ইমিউন ইণ্ডিয়া ডিপোজিট স্কীম নামৰ এক ১১১১ দিনীয়া বিশেষ ফিক্সড ডিপোজিট  আঁচনি গ্ৰহণ কৰিছে।

এই আঁচনিত ধন জমা থোৱা সকলে অতিৰিক্ত ২৫ বেছিচ পয়েণ্ট সুদ লাভ কৰিব।

একেদৰে ভেকচিন গ্ৰহণ কৰা জ্যেষ্ঠ নাগৰিকসকলেও তেওঁলোকৰ ফিক্সড ডিপোজিটৰ ওপৰত ০.৫০ শতাংশ অতিৰিক্ত সুদ লাভ কৰিব বুলি বেংকটোৰ তৰফৰ পৰা প্ৰকাশ কৰা হৈছে।

উল্লেখ্য ভেকচিন গ্ৰহণৰ বাবে মানুহক আগ্ৰহী কৰি তুলিবলৈ বিভিন্ন ৰাজ্যত নানান আকৰ্ষণীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

ক’ৰ’ৱাত ভেকচিন গ্ৰহণ কৰা মহিলা-যুৱতীক সোণৰ নাকফুলি আৰু পুৰুষক হেণ্ড গ্ৰাইণ্ডাৰ দিয়াৰ ব্যৱস্থা কৰা হৈছে।