NORTHEAST NOW (Assamese)
অসম

১৩ বছৰীয়া ৰিয়াং কিশোৰীক ধৰ্ষণ কৰি হত্যা কৰা ঘটনাৰ পিছত উত্তপ্ত হৈ পৰিছে হাইলাকান্দি

Posted by: শিবাশিস চক্ৰৱৰ্তী March 24, 2018 9:13 am
Rape-.....-570x320

অলপতে হাইলাকান্দি জিলাত এগৰাকী ১৩ বছৰীয়া ৰিয়াং সম্প্ৰদায়ৰ কিশোৰীক  ২৩ বছৰীয়া মুছলমান সম্প্ৰদায়ৰ এজন যুৱকে বলাৎকাৰ কৰি হত্যা কৰাৰ বাতৰি বিয়পি পৰাৰ পিছত পৰিস্থিতি উত্তপ্ত হৈ পৰিছে।

বিভিন্ন সংগঠনকে ধৰি বেছিভাগ লোকেই অপৰাধীক কঠোৰ শাস্তি বিহাৰ দাবী তোলাৰ সময়তে একাংশ লোকে ঘটনাটোক লৈ সাম্প্ৰদায়কি সংঘাত সৃষ্টিৰ প্ৰয়াস চলোৱাৰ অভিযোগ উঠিছে।

সামাজিক গণ মাধ্যমত (ছচিয়েল মেডিয়া) বহু লোকে উচটনিমূলক মন্তব্য প’ষ্ট কৰিছে যিয়ে আইন-শৃংখলা পৰিস্থিতিৰ অৱনতি ঘটাব পাৰে।

এনে পৰিপ্ৰেক্ষিতত কিছুমান সামাজিক সংগঠনে জিলাখনত একাংশ লোকে সাম্প্ৰদায়িক উত্তেজনাৰ সৃষ্টি কৰাৰ প্ৰচেষ্টা চলোৱা একাংশ লোকৰ বিৰুদ্ধে আগবাঢ়ি আহিছে।

ৰাজপথলৈ ওলাই অহা এনে সংগঠনৰ ভিতৰত আছে সদৌ অসম ছাত্ৰ আৰু যুৱ সংস্থা, জনশক্তি সেৱা সমিতি আৰু সাধাৰণ নাগৰিক মঞ্চ।

শান্তিপূৰ্ণ জিলাখনত যাতে সাম্প্ৰদায়িক সংঘাত গা কৰি উঠিব নোৱাৰে তাৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ এই সংগঠন কেইটাই হাইলাকান্দিৰ উপায়ুক্তক  এখন স্মাৰকপত্ৰ প্ৰদান কৰে।

সংবাদ মাধ্যমৰ আগত বক্তৱ্য প্ৰকাশ কৰি সদৌ অসম ছাত্ৰ আৰু যুৱ সংস্থাৰ কেন্দ্ৰীয় সভাপতি জানুন লস্কৰ আৰু জনশক্তি সেৱা সমিতিৰ নেতা জাহান উদ্দিনে কয়, ‘’ ১৩ বছৰীয়া কিশোৰীগৰাকীৰ ধৰ্ষণ আৰু হত্যা এক জঘন্য অপৰাধ আৰু কোনোৱে ইয়াক সমৰ্থন নকৰে। সেয়েহে, অপৰাধীজন কোন সম্প্ৰদায়ৰ বা কোন ধৰ্মৰ সেইটো চোৱা উচিত নহয়। অপৰাধী এজন অপৰাধীয়েই।‘’

প্ৰতিবাদ কৰা সংগঠনসমূহৰ নেতাসকলে লগতে জিলা প্ৰশাসনক জিলাখনৰ বিভিন্ন সম্প্ৰদায়ৰ মাজৰ সামাজিক সংহতি বিনষ্ট কৰিবৰ চেষ্টা কৰিছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।