NORTHEAST NOW (Assamese)
অসম

কৰোনাৰ আতংক! : বাতিল কৰা হ’ল ঐতিহ্যসম্পন্ন বেলতলা বহাগী উৎসৱ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া April 17, 2021 3:53 pm
index.jpgc

কোভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বেলতলা বহাগী উৎসৱ বাতিল কৰা হৈছে। এক সংবাদ মেল যোগে এই কথা জনাইছে বেলতলা বহাগী উৎসৱ সমিতিয়ে।

উল্লেখ্য যে অহা ২৩, ২৪ আৰু ২৫ এপ্ৰিলত অনুষ্ঠিত হোৱাৰ কথা আছিল এই ৪৩সংখ্যক বহাগী উৎসৱ।

অসমত কোভিডৰ সংক্ৰমণে ভয়াবহ ৰূপ ধাৰণ কৰাৰ বাবে এই সিদ্ধান্ত লয় বিহু উদযাপন সমিতিয়ে। বেলতলাস্থিত পুবেৰুণ সংঘ ইণ্ড’ৰ হলত এক সংবাদমেল সম্বোধন কৰি এই কথা জনায় কমিটিৰ প্ৰচাৰ সম্পাদক চন্দন কুমাৰ শইকীয়াই।

ইতিমধ্যেই সকলো প্ৰস্তুতি সম্পন্ন হৈছিল ব’হাগী উৎসৱৰ। জুবিন, পাপন, মহালক্ষ্মী, শংকুৰাজৰ সংগীতানুষ্ঠান আছিল যদিও সকলো কোভিড পৰিস্থিতিৰ বাবে বাতিল কৰা হৈছে বুলি জনাইছে উদযাপন কমিটিয়ে

চৰকাৰী SOP মানি বিহু উদযাপন কৰাত অসুবিধা বুলি উল্লেখ কৰে বিহু উদযাপন সমিতিয়ে।

এনে দুৰ্যোগৰ সময়ত শিল্পীসকলক সহায়ৰ হাত আগবঢ়াবলৈ স্বেচ্ছাসেৱী সংগঠনক আহ্বান জনাইছে সমিতিয়ে।