NORTHEAST NOW (Assamese)
অসম

ডিব্ৰুগড়ত কোভিডত আক্ৰান্ত হৈ মৃত্যু অএনজিচিৰ অভিযন্তাৰ

Posted by: অভিক চক্ৰৱৰ্তী Updated by: অভিক চক্ৰৱৰ্তী April 18, 2021 12:39 pm
onavirus_1

কালান্তক কোভিডে প্ৰাণ কাঢ়ি নিলে অসমৰ এগৰাকী অভিযন্তাৰ।

অএনজিচিৰ অভিযন্তা ৰাজীৱ হাজৰিকাই দেওবাৰে পুৱা ৯.২০ বজাত কোভিডত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লয়।

মৃত্যুৰ সময়ত হাজৰিকাৰ বয়স হৈছিল ৫১ বছৰ।

কোভিডত আক্ৰান্ত হোৱাৰ পিছতে তেওঁক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

মধুমেহ ৰোগতো আক্ৰান্ত হৈ থকা হাজৰিকাই বিগত কিছুদিন ধৰি চিকিৎসাধীন হৈ আছিল।

উল্লেখ্য সম্প্ৰতি ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত সৰ্বমুঠ ৩০ গৰাকী কোভিড ৰোগী চিকিৎসাধীন হৈ আছে।

ইয়াৰে ১৭ গৰাকী ৰোগীক কোভিড আইচ’লেছন চেণ্টাৰত আৰু ১৩ গৰাকীক কোভিড আইচিইউত চিকিৎসা কৰি থকা হৈছে।

শনিবাৰেও তিনিচুকীয়াৰ অধিবক্তা নেয়িম আহমেদৰ চিকিৎসালয় খনত কোভিডত মৃত্যু ঘটিছিল।

শনিবাৰে ডিব্ৰুগড়ত ১৮৩০ গৰাকী লোকৰ কোভিড পৰীক্ষা কৰোৱা হৈছিল আৰু তেওঁলোকৰ মাজৰে ৩৪ গৰাকীৰ দেহত কোভিড ধৰা পৰিছিল।

বিগত ১৬ দিনত ডিব্ৰুগড়ত মুঠ ২৯৯৭৭ গৰাকী লোকৰ কোভিড পৰীক্ষা কৰোৱা হৈছে আৰু তেওঁলোকৰ মাজৰে ৩৪৭ গৰাকীৰ কোভিড ধৰা পৰিছে।