NORTHEAST NOW (Assamese)
Popular Stories

কৰোনাৰ আতংকত কঁপিছে দেশ! : ২ সপ্তাহৰ লকডাউন ঘোষণা এখন ৰাজ্যত; কোন ৰাজ্য?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 19, 2021 12:03 pm
index.jpg8

কোৰানাৰ দ্বিতীয়টো ঢৌৱে ক্ৰমশঃ দেশৰ কেবাখনো ৰাজ্যত বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰিছে।

সংক্ৰমণ ৰোধৰ সকলো চৰকাৰী প্ৰচেষ্টা ব্যৰ্থ হৈছে দেশৰ মহাৰাষ্ট্ৰ, দিল্লী, উত্তৰ প্ৰদেশ, গুজৰাট, মধ্যপ্ৰদেশ আদি ৰাজ্যত।

উক্ত ৰাজ্যসমূহৰ দৰে নহ’লেও ৰাজস্থানতো ক্ৰমাগতভাৱে বৃদ্ধি পাইছে কোভিড আক্ৰান্তৰ সংখ্যা।

ৰাজ্যখনত দেওবাৰৰ দিনটোত আক্ৰান্তৰ হৈছে প্ৰায় ১০ হাজাৰ লোক। ইয়াৰ ভিতৰত ৰাজ্যখনৰ ৰাজধানী জয়পুৰতে কেৱল ২ হাজাৰ লোক আক্ৰান্ত হৈছে কোভিডত।

ইয়াৰ পিছতে ৰাজ্যখনৰ অশোক গেহলটৰ চৰকাৰে সোমবাৰৰ পৰা অহা ৩ মে’লৈকে ৰাজ্যখনত লকডাউন বলৱৎ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

আগন্তুক ১৫ দিনলৈ ৰাজ্যখনত বলৱৎ কৰা লকডাউনৰ পৰা জৰুৰীকালীন সেৱাসমূহক ৰেহাই দিয়া হৈছে।

ইফালে শাক পাচলিসহ নিত্য ব্যৱহাৰ্য সামগ্ৰীসমূহ সন্ধিয়া ৭ বজাৰলৈকে উপলব্ধ হ’ব। ৰন্ধন গেছ আৰু ইন্ধনৰ পাম্পসমূহ সন্ধিয়া ৮ বজা পৰ্যন্ত খোলা থাকিব। তাৰবাদে সকলো ধৰণৰ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ থাকিব।

ৰাজহুৱা পৰিবহণ সেৱাও নিয়ন্ত্ৰিতভাৱেহে চলাচল কৰিব।

উল্লেখ্য যে ইতিমধ্যে কৰোনাৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ লক্ষ্যৰে দেশৰ কেবাখনো ৰাজ্যত সান্ধ্য আইন জাৰি কৰা হৈছে।

স্মৰ্তব্য যে ৰাজস্থানত বৰ্তমান প্ৰায় ৬৭ হাজাৰ কোভিড আক্ৰান্ত চিকিৎসাধীন হৈ আছে।