NORTHEAST NOW (Assamese)
অসম

কৰ’নাৰ ভয়ংকৰ সংক্ৰমণৰ মাজতে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ ভাৰত ভ্ৰমণ বাতিল

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 19, 2021 3:36 pm
5636c540ce40979bb1d8ad27138e0857a1ae3813cbaaaf5a25ffd29a7fb83d38-750x375

কৰ’না পৰিস্থিতিৰ বাবে ভাৰত ভ্ৰমণ বাতিল কৰিলে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনে।

সোমবাৰে বিদেশ মন্ত্ৰ্যালয়ৰ ফালৰ পৰা জানিবলৈ দিয়া হৈছে যে দেশৰ বৰ্তমান কৰ’না পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দুয়োপক্ষৰ মাজত হোৱা আলোচনাৰ পাছত জনছনৰ ভাৰত ভ্ৰমণ বাতিল কৰাৰ সিদ্ধান্ত লোৱা হয়।

অহা সপ্তাহত তেওঁ আৰু ভাৰত ভ্ৰমণলৈ নাহে। ভাৰত-ব্ৰিটেইনৰ মাজৰ সম্পৰ্ক অটুট ৰখাৰ বাবে দুয়োখন দেশৰ মাজত ভাৰ্চুৱেল বৈঠকৰ আয়োজন কৰা হ’ব। অৱশ্যে সেয়া পৰৱৰ্তী সময়ত চূড়ান্ত কৰা হ’ব।

ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীগৰাকী চলিত মাহতেই ভাৰত ভ্ৰমণ কৰাৰ কথা আছিল যদিও পুনৰ নতুনকৈ কৰ’নাৰ সংক্ৰমণে ভাৰতত আতমকময় পৰিস্থিতিৰ সৃষ্টি কৰিছে। সেইদৰে ব্ৰিটেইনো বেয়াকৈ আক্ৰান্ত হৈছে।

এনে পৰিস্থিতিৰ মাজতে অৱশেষত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীগৰাকীৰ ভাৰত ভ্ৰমণ বাতিল কৰা হৈছে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে চলিত বছৰৰ গণতন্ত্ৰ দিৱসত ভাৰতলৈ অহাৰ কথা আছিল জনছনৰ। কিন্তু সেই সময়ত ব্ৰিটেইনত কৰ’নাৰ ভয়ানক সংহাৰ দেখা গৈছিল। সেয়ে, প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাৰত ভ্ৰমণ বাতিল কৰিছিল।