NORTHEAST NOW (Assamese)
অসম

নাগালেণ্ডৰ ভিতৰত ডিমাপুৰত এইচ আই ভি ৰোগীৰ সংখ্যা সৰ্বাধিক ৮৫১৪ গৰাকী

Posted by: এন ই নাও নিউজ ব্যুৰো, ডিমাপুৰ: December 2, 2017 11:00 am

১৯৯৯ চনৰ জানুৱাৰীৰ পৰা মাৰ্চ ২০১৭ ৰ ভিতৰত নাগালেণ্ডত মুঠতে ২১,৩৮১ গৰাকী এইচ আই ভি পজিটিভ ব্যক্তি পৰীক্ষাত ধৰা পৰিছে। নাগালেণ্ড এইডছ নিয়ন্ত্ৰন সমিতিয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ৰাজ্যখনৰ ১১ খন জিলাৰ ভিতৰত ২০০৬চনৰ পৰা মাৰ্চ ২০১৭ ৰ ভিতৰত ডিমাপুৰত সৰ্বাধিক ৮৫১৪ গৰাকী এইচ আই ভি পজিটিভ ব্যক্তি পোৱা গৈছে। ইয়াৰ বিপৰীতে কোহিমা আৰু টুৱেনচাঙত ক্ৰমে ২৯৫৯ আৰু ২৫৮৮ গৰাকী ব্যক্তি পজিটিভ পোৱা গৈছে।

এইচ আই ভি পজিটিভ ব্যক্তিৰ তালিকাত ২৫ ৰপৰা ৩৪ বছৰ বয়সৰ ব্যক্তিয়ে সৰ্বাধিক। তদুপৰি ২০১৭ ৰ এপ্ৰিলৰ পৰা ছেপ্টম্বৰলৈকে ডিমাপুৰত ২৫ ৰপৰা ৩৪ বছৰ বয়সৰ ভিতৰৰ ৩০ গৰাকী এইচ আই ভি পজিটিভ ব্যক্তি পোৱা গৈছে। এইচ আই ভি সংক্ৰমণৰ ক্ষেত্ৰত যৌন সম্পৰ্কৰ জৰিয়তে ৯০ শতাংশ আক্ৰান্ত হোৱাৰ তথ্য পোৱা গৈছে।

অসমৰ সীমান্তত অৱস্থিত নাগালেণ্ডৰ এই বাণিজ্যক চহৰ ডিমাপুৰত এইচ আই ভি সংক্ৰমণৰ এনে বাতৰিয়ে স্বাভাৱিকতে চুবুৰীয়া ৰাজ্যখনৰ বাবেও ভাবুকিৰ সৃষ্টি কৰিছে।