NORTHEAST NOW (Assamese)
অসম

ৰাজ্যত কৰ’নাৰ ব্যাপক সংক্ৰমণ! শিৱসাগৰত ক’ভিডৰ দ্বিতীয় ঢৌত ১১৫ গৰাকী লোক আক্ৰান্ত

Posted by: পার্শ্বজোতি গগৈ Updated by: পার্শ্বজোতি গগৈ April 20, 2021 6:36 am
images.jpeg-11(1)

ৰাজ্যত দৈনিক বৃদ্ধি পাবলৈ ধৰিছে ক’ৰনা আক্ৰান্তৰ সংখ্যা। ইতিমধ্যে বহুকেইখন জিলাত প্ৰাক প্ৰাথমিকৰ পৰা পঞ্চম শ্ৰেণীলৈ বিদ্যালয় বন্ধৰ নিৰ্দেশ দিছে চৰকাৰে। শিৱসাগৰতো দৈনিক বৃদ্ধি পাইছে কৰ’না আক্ৰান্তৰ সংখ্যা।

শিৱসাগৰ জিলাৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকালয়ৰ পৰা পোৱা তথ্য অনুসৰি ১ এপ্ৰিলৰ পৰা ১৯ এপ্ৰিললৈকে জিলাখনত ১১৫ গৰাকী লোকৰ দেহত ক’ভিড পজিটিভ ধৰা পৰিছে।

বৰ্তমানলৈকে শিৱসাগৰত ২১৪৬ গৰাকী লোকৰ ক’ভিড টেষ্ট কৰোৱা হৈছিল। জিলাখনত সৰ্বাধিক সোমবাৰে ৩২ গৰাকী লোকৰ দেহত ক’ভিড পজিটিভ পোৱা গৈছে।

স্বাস্থ্য বিভাগে জনোৱা মতে জিলাখনত ৬৬ গৰাকী লোক হোম আইছ’লেশ্যনত থকাৰ বিপৰীতে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ২৪ গৰাকী, চুক্যাফা হাস্পাতালত ২ গৰাকী, টেঙাখাট মডেল হাস্পাতালত এগৰাকী আৰু আন চিকিৎসালয়ত দুগৰাকী ব্যক্তি চিকিৎসাধীন হৈ আছে।

জিলাখনত দৈনিক ক’ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবে কঠোৰ হৈ পৰিছে জিলা প্ৰশাসন। সকলো লোকক মাস্ক পৰিধান কৰি বাহিৰলৈ আহিবলৈ আহ্বান জনোৱাৰ লগতে চেনিটাইজাৰ ব্যৱহাৰ কৰিবলৈ কোৱা হৈছে।