NORTHEAST NOW (Assamese)
অসম

ৰাজ্যত কৰ’নাৰ ভয়ংকৰ সংক্ৰমণ! গুৱাহাটীত পুনৰ সাজু কৰি তোলা হৈছে ক’ভিড কেয়াৰ চেন্টাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 20, 2021 9:00 am
WhatsApp Image 2021-04-20 at 12.36.57 PM

ৰাজ্যখনত ক’ৰনা সংক্ৰমণৰ ঘটনা ব্যাপক হাৰত বৃদ্ধি পোৱাৰ বিষয়টোৱে সকলোকে উদ্বিগ্ন কৰি তুলিছে। দৈনিক সংক্ৰমণৰ হাৰ প্ৰতিদিনে বৃদ্ধি পাই আহিছে।

ইয়াৰ মাজতে ৰাজ্যৰ স্বাস্থ্য বিভাগে পুনৰ জালুকবাৰী আৰু সৰুসজাইৰ অস্থায়ী ক’ভিড কেয়াৰ চেন্টাৰ সমূহ সাজু কৰি তুলিছে।

জালুকবাৰীৰ চৰকাৰী আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয় ক’ভিড ৰোগীৰ বাবে পুনৰ সাজু কৰি তোলা হৈছে।

জালুকবাৰীৰ চৰকাৰী আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ ৰমাকান্ত শৰ্মাই জানিবলৈ দিয়া মতে মহাবিদ্যালয়খনত ১০০ খন  বিছনা ক’ভিড ৰোগীৰ বাবে সাজু কৰি তোলা হৈছে।

তদুপৰি, ইয়াত ১৪ টা আই চি ইউ কক্ষ আৰু ৩৩ খন অক্সিজেনযুক্ত বিছনাৰো ব্যৱস্থা কৰা হৈছে।

আনহাতে, ৰাজ্যৰ স্বাস্থ্য বিভাগে মহানগৰীৰ সৰুসজাই ষ্টেডিয়ামৰ অস্থায়ী ক’ভিড হাস্পাতালখন পুনৰ সাজু কৰি তুলিছে।

সৰুসজাইৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ষ্টেডিয়ামত ৪০০ খন বিছনাযুক্ত অস্থায়ী ক’ভিড কেয়াৰ চেন্টাৰটো সাজু কৰি তুলিবলৈ ক্ষিপ্ৰতাৰে কাম কৰি থকা হৈছে।