NORTHEAST NOW (Assamese)
অসম

পঞ্চভূতত বিলীন প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঃ ভূমিধৰ বৰ্মনৰ নশ্বৰ দেহ; ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন

Posted by: অনিৰ্বান পাঠক Updated by: অনিৰ্বান পাঠক April 20, 2021 2:46 pm
Last rite of former CM Bhumidhar Barman

পঞ্চভূতত বিলীন হ’ল প্ৰাক্তন মুখ্য মন্ত্ৰী ডাঃ ভূমিধৰ বৰ্মনৰ নশ্বৰ দেহ।

মঙলবাৰে জন্মস্থান নলবাৰী জিলাৰ বেলশৰৰ শিঙিমাৰীত বৰ্ষীয়ান ৰাজনীতিক গৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হয়।

অগণন গুণমুগ্ধৰ উপস্থিতিত ৰাজ্যিক মৰ্যাদাৰে অন্তিম সৎকাৰ সম্পন্ন কৰা হয় প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঃ বৰ্মনৰ।

জনপ্ৰিয় ৰাজনীতিকগৰাকীৰ চিতাত মুখাগ্নি কৰে পুত্ৰ দিগন্ত বৰ্মনে।

শেষকৃত্য অনুষ্ঠানত উপস্থিত থাকে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, বিধায়ক নাৰায়ণ ডেকা, প্ৰশান্ত ফুকন, প্ৰমুখ্য ভালেসংখ্যক বিশিষ্ট ব্যক্তি।

গৰীৱৰ বন্ধু, জননেতা প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া  বেলশৰৰ ভকতৰাম পুখুৰী পাৰত ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হয়।

ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰয়াত জননেতাগৰাকীৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।