NORTHEAST NOW (Assamese)
অসম

মাৰ্ঘেৰিটাত ৪ গৰাকী ব্যক্তিৰ দেহত কোভিড : মহকুমা প্ৰশাসনৰ সতৰ্কতামূলক অভিযান

Posted by: মানস প্ৰতিম গগৈ Updated by: মানস প্ৰতিম গগৈ April 20, 2021 7:50 pm
images.jpeg-11(1)

ৰাজ্যত উদ্বেগজনক ভাৱে বৃদ্ধি পাব ধৰিছে কৰোনা সংক্ৰমণৰ ঘটনা।

মাৰ্ঘেৰিটা মহকুমাত মংগলবাৰৰ দিনটোত ৪ জনকৈ ব্যক্তিৰ দেহত ধৰা পৰিছে কৰোনাৰ অৱস্থিতি।

লিডু মাটিঘাটৰ নিৱাসী সুভাষ সেন( ৬০), বৰগোলাইৰ নিৱাসী দুৰ্ণ আচাৰ্য( ১৫ ), লিডু ইটাখুলাৰ চাণক্য বৰুৱা( ৫৯ ) আৰু মাৰ্ঘেৰিটা নামদাং কলিয়ৰী চানু ছেত্ৰী ( ৩৫) কৰোনাত আক্ৰান্ত বুলি স্বাস্থ্য বিভাগৰ তৰফৰ পৰা সদৰী কৰিছে।

উল্লেখ্য যে দুৰ্ণ আচাৰ্য আৰু ইটাখুলাৰ চাণক্য বৰুৱাৰ বিদেশ ভ্ৰমণৰ তথ্য থকাৰ কথা জানিব পৰা গৈছে। বৰ্তমান ব্যক্তিকেইজনক স্বাস্থ্য বিভাগে নিজৰ তত্ত্বাৱধানত ৰাখিছে।

অন্যহাতে মাৰ্ঘেৰিটাত মহকুমা প্ৰশাসনৰ সতৰ্কতামূলক অভিযান আৰম্ভ কৰিছে। মাস্ক পৰিধানৰ বাবে আহ্বান জনোৱাৰ লগতে মাস্ক পৰিধান নকৰাসকলে এক হাজাৰ টকাৰ জৰিমনা ভৰিব লাগিব বুলি ঘোষণা কৰিছে।

ৰাজ্য চৰকাৰ নিৰ্দেশনাৰ পাছতেই কৰোনা সংক্ৰমণ প্ৰতিৰোধৰ বাবে ল’ব লগা সতৰ্কতামূলক ব্যৱস্থা সম্পৰ্কে বাৰ্তা দিয়াৰ উদেশ্যেই মাৰ্ঘেৰিটা মহকুমা প্ৰশাসনৰ তৰফৰ মাৰ্ঘেৰিটা নগৰ এলেকা আদিত মাইকেৰে ঘোষণাৰ জৰিয়তে মাস্ক পৰিধান কৰাৰ লগতে সামাজিক দূৰত্ব পালন কৰাৰ বাবে আহ্বান জনোৱা হৈছে।