NORTHEAST NOW (Assamese)
অসম

যিকোনো মুহূৰ্ততে কংগ্ৰেছত যোগ দিব অখিল গগৈয়ে?

Posted by: অনির্বান পাঠক Updated by: অনির্বান পাঠক April 16, 2019 2:26 pm
Loksabha election: Congress' Bhubaneswar Kalita opposes citizenship bill, BJP's Dilip Saikia supports it-- now decide and vote, Akhil pleads people of Assam

এপষেকৰ আগলৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ভাতৃ সংগঠন ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্ব দিয়া হিৰণ্য পাঠৰিৰ মুখত অখিল গগৈৰ বিৰুদ্ধে এতিয়া এটাৰ পাছত আন এটা অভিযোগ। কংগ্ৰেছ-এ আই য়ু ডি এফৰ পৰা বৃহৎ পৰিমাণৰ ধন লোৱাৰ অভিযোগৰ পাছত এইবাৰ পাঠৰিয়ে ক’লে অখিল গগৈয়ে কংগ্ৰেছত যোগদানৰ যো-জা চলোৱাৰ কথা। কিন্তু কি চৰ্তত কংগ্ৰেছলৈ যাব কৃষক মুক্তিৰ নেতাজন?

মঙলবাৰে হেঙেৰাবাৰীৰ ৰাজ্যিক বিজেপিৰ কাৰ্য্যালয়ত এখন সংবাদমেল সম্বোধন কৰি কিছুদিন পূৰ্বে গেৰুৱা টুপী পিন্ধা হিৰণ্য পাঠৰিৰ বিষ্ফোৰণ, ‘অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদ লাগে অখিল গগৈক’।

প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদ নিশ্চিত হ’লেই অখিল গগৈয়ে কংগ্ৰেছত যোগ দিব বুলিও পাঠৰিয়ে প্ৰকাশ কৰে।

‘’কেব’ৰ আন্দোলনৰ জৰিয়তে অখিল গগৈ ডাঙৰীয়াৰ কংগ্ৰেছ হাইকমাণ্ডৰ লগত এক সু-সম্পৰ্ক গঢ়ি উঠিছে। তেওঁলোকৰ মাজত সঘনাই আলোচনা হৈছিল আৰু অখিল গগৈয়ে কংগ্ৰেছত যোগদান কৰাৰ এক যো-জাও চলাইছিল। গুজৰাটৰ হাৰ্দিক পেটেল আৰু অখিল গগৈয়ে প্ৰায় একে সময়তে কংগ্ৰেছত যোগ দিয়াৰ কথা আছিল আৰু তেওঁ ৰাহুল গান্ধীক এটা প্ৰস্তাৱ দিছিল যে কংগ্ৰেছত যোগ দিব কিন্তু তেতিয়াই তেওঁক অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি পাতিব লাগিব’,-হিৰণ্য পাঠৰিৰ ভাষ্য।

কিন্তু লোকসভা নিৰ্বাচনৰ আগমূহুৰ্তত প্ৰদেশ কংগ্ৰেছৰ সভাপতি সলনি কৰাৰ কোনো সম্ভাৱনা নথকা বাবেই অখিল গগৈয়ে কংগ্ৰেছত যোগ দিয়া নাই বুলিও পাঠৰিয়ে উল্লেখ কৰে।

সৌ সিদিনালৈ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে তীব্ৰ আন্দোলন কৰি বিজেপিৰ বিৰুদ্ধে ৰাজপথ কঁপোৱা পাঠৰিয়ে এতিয়া সুৰ সলাই কয়, ‘’অখিল গগৈয়ে অসমত অশান্ত পৰিবেশ সৃষ্টি কৰি বিজেপি চৰকাৰৰ উন্নয়ণমূলক কামত বাধা জন্মোৱাৰ বাবেহে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আন্দোলন কৰিছিল।‘’

‘কেব’ৰ আন্দোলনৰ জৰিয়তে অখিল গগৈয়ে ধন ঘটাৰ চেষ্টা চলোৱাৰো অভিযোগ আনে ন-বিজেপি হিৰণ্যই। লগতে অখিলে এই আন্দোলনেৰে অসমত পুনৰ কংগ্ৰেছৰ উত্থান ঘটোৱাৰ চেষ্টা চলাইছিল বুলিও তেওঁ মন্তব্য কৰে।

নাগৰিকত্ব সংশোধনী বিধেয়কবিৰোধী আন্দোলনৰ নেপথ্যত কংগ্ৰেছৰ হাত থকাৰ কথা কৈ অখিল গগৈসহ আন্দোলনকাৰীসকলক দিল্লীলৈ অহা যোৱা কৰা বিমানৰ খৰচ আৰু  থকা-খোৱাৰ সকলোখিনি কংগ্ৰেছেই বহন কৰিছিল বুলিও তেওঁ মন্তব্য কৰে।

ইপিনে, অখিল গগৈয়ে যোৱা ১০ এপ্ৰিলত গুৱাহাটীৰ ছয়মাইলৰ হিৰণ্যই বাস কৰা ফ্লেটলৈ গৈ তেওঁক হত্যাৰ ভাবুকি দিয়া বুলিও অভিযোগ কৰে। লগতে অখিল গগৈৰ একাংশ সমৰ্থকে তেওঁক যোৱা ১১ এপ্ৰিলত চিলাপথাৰত আৰু ১৪ এপ্ৰিলত ৰঙিয়াত আক্ৰমণৰো চেষ্টা চলায় বুলি অভিযোগ কৰে।

এই আটাইকেইটা অভিযোগ সামৰি মঙলবাৰে অখিল গগৈ আৰু তেওঁৰ ‘গুণ্ডাবাহিনী’ৰ বিৰুদ্ধে হিৰণ্য পাঠৰিয়ে দিচপুৰ থানাত এখন এজাহাৰো দাখিল কৰে।

আনহাতে, পাঠৰিয়ে অখিল গগৈয়ে কংগ্ৰেছৰ বি টীম হিচাপে কাম কৰি আছে বুলি চিধা অভিযোগ আনে। তদুপৰি,অখিল গগৈ আৰু ৭০ টা সংগঠনক কংগ্ৰেছে হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰিছে বুলিও তেওঁ লগতে মন্তব্য কৰে।