NORTHEAST NOW (Assamese)
অসম

হ’ব নেকি ল’কডাউন? সৰ্বদলীয় বৈঠকত কি সিদ্ধান্ত ল’লে মুখ্যমন্ত্ৰীয়ে?

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া April 22, 2021 6:36 pm

ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি পাইছে ক’ৰ’নাৰ সংক্ৰমণ। দৈনিক ১৬০০ ৰো অধিক লোক আক্ৰান্ত হৈছে কোভিড-১৯ ত।

ক’ৰ’নাৰ সংক্ৰমণ ৰোধৰ বাবে ৰাজ্যত পুনৰ হ’ব নেকি লকডাউন? এই প্ৰশ্নই এতিয়া সৰ্বত্তে চৰ্চা লাভ কৰিছে।

তেনে সময়তে খানাপাৰাস্থিত অসম পদাধিকাৰী প্ৰশাসনীয় মহাবিদ্যালয়ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত সৰ্বদলীয় বৈঠক অনুষ্ঠিত হয়। য’ত নেকি বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, অগপ সভাপতি অতুল বৰাকে ধৰি বিভিন্ন ৰাজনৈতিক দলৰ নেতৃত্ব উপস্থিত থাকে।

উক্ত বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সংবাদমাধ্যমৰ আগত কয় ‘আগন্তুক দিনত যিকোনো পৰিস্থিতিত ৰাজ্য চৰকাৰে লোৱা পদক্ষেপক আন্তৰিকতাৰে সহযোগিতা আগবঢ়াব বুলি সকলো ৰাজনৈতিক দলৰ প্ৰতিনিধিয়ে বৈঠকত সদৰী কৰিছে। বৰ্তমান অসমত এক জটিল ৰূপ ধাৰণ কৰিছে। এই অৱস্থাৰ পৰা ৰাজ্যৰ জনতাক উদ্ধাৰ কৰিবলৈ হ’লে সকলোৱে একত্ৰিত হৈ কাম কৰিব লাগিব।‘

‘ৰাজ্য চৰকাৰে স্বাস্থ্য বিভাগৰ দ্বাৰা প্ৰেৰণ কৰা নীতি-নিৰ্দেশনা প্ৰতিগৰাকী নাগৰিকক নিখুঁতভাৱে পালন কৰাৰ বাবে আহ্বান জনাইছো। এইবিলাক যেন প্ৰতিগৰাকী নাগৰিকে নিখুঁতভাৱে পালন কৰে। কাৰণ স্বাস্থ্য বিভাগৰ তৰফৰ পৰা বহুখিনি তৎপৰতাৰে জনসাধাৰণক উন্নত মানদণ্ডৰ চিকিৎসা আগবঢ়োৱা হৈছে। সেয়েহে এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সক্ষম হৈছো।‘ মুখ্যমন্ত্ৰী সোণোৱালে এইদৰে কয়।

দেশত ক’ৰ’ণাৰ বিভীষিকাৰ প্ৰতি লক্ষ্য ৰাখি বিশেষভাৱে সজাগতা অৱলম্বন কৰিবলৈ ৰাজ্যবাসীক মুখ্যমন্ত্ৰী সোণোৱালে আহ্বান জনায়।

‘পৰিস্থিতি চম্ভালিবলৈ হ’লে সকলোৱে সহযোগিতা কৰিব লাগিব। চৰকাৰে এয়া মিছাতে জাপি দিয়া সিদ্ধান্ত নহয়। এতিয়ালৈকে লকডাউন দিয়া পৰিস্থিতিৰ উদ্ভৱ হোৱা নাই। অসমৰ ৰাইজক আহ্বান লকডাউন ঘোষণা কৰা পৰ্য্যায়লৈকে যাতে পৰিস্থিতি সৃষ্টি নকৰে।‘ সোণোৱালে এইদৰে কয়।